/asomiyapratidin/media/media_files/2026/01/01/1-2026-01-01-12-57-37.jpg)
ডিজিটেল ডেস্কঃ নব্বৈ দশকত জনপ্ৰিয়তাৰ শিখৰত থকা গ্ৰীটিংছ কাৰ্ডৰ বৰ্তমান সময়ত মাদকতা কমি অহা পৰিলক্ষিত হৈছে। বিশ্বায়নে কঢ়িয়াই অনা মোবাইলৰ চমু বাৰ্তাই নৱ প্ৰজন্মৰ মাজত অত্যাধিকভাৱে প্ৰচলিত হোৱা গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা কমাই আনিছে।
ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তা হিচাপে প্ৰেৰণ কৰিব পৰা পত্ৰখনে এটা আন্তৰিক সুখ লাভ কৰিব পৰা মাধ্যম আছিল। প্ৰায় প্ৰতিঘৰে হাতে কামে সজাই ভালপোৱা মানুহৰ ঘৰত গ্ৰীটিংছ কাৰ্ডৰ ডিজাইনেৰে এটা দীঘলীয়া সৌন্দৰ্যবৰ্ধক শাৰীয়ে ড্ৰয়িং ৰুমৰ শোভা বৰ্ধন কৰিছিল। কিন্তু বৰ্তমান সেইসমূহ পুৰণি হৈ পৰিল ।
/asomiyapratidin/media/post_attachments/1b6dec4b-c17.png)
সময়ৰ বুকুত হেৰাই যোৱা কিছু স্মৃতি।কিন্তু সেই হেৰাই যোৱা স্মৃতি পুনৰ জীপাল হৈ পৰিল বঢ়মপুৰৰ এখন বিদ্যালয়ত। বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে নিজ হাতেৰে সাজি উলিয়াইছে গ্ৰীটিংছ কাৰ্ড। নৱ প্ৰজন্মৰ এই সকল ছাত্ৰীয়ে নিজ হাতেৰে সাজি ওলোৱা গ্ৰীটিংছ কাৰ্ডখন নিজৰ প্রিয় শিক্ষক-শিক্ষয়ত্ৰী ,বান্ধৱী সকলক নৱবৰ্ষৰ শুভেচ্ছা হিচাপে দিবলৈ পায় অধিক উৎসাহিত হৈ পৰে। প্ৰথমবাৰৰ বাবে গ্ৰীটিংছ কাৰ্ডখনৰ মাদকতা বুজি পোৱা ছাত্ৰী সকলে তেওঁলোকৰ অতি প্রিয় মামা ৰূপী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নগাঁও জিলা আয়ুক্তৰ যোগেদিও প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। প্ৰায় শতাধিক ছাত্ৰীয়ে নৱবৰ্ষৰ প্ৰথমটো দিনতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/18f04890-77e.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us