/asomiyapratidin/media/media_files/2025/11/22/2-2025-11-22-11-27-05.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হস্তী-মানৱৰ সংঘাত। এই হাতী-মানুহৰ সংঘাতে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/22/whatsapp-image-2025-11-22-11-24-36.jpeg)
উল্লেখ্য যে, নগাঁৱৰ বঢ়মপুৰত হাতী-মানুহৰ সংঘাতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বঢ়মপুৰৰ ঘোগৰ গাঁৱত প্ৰায় ৭০-৮০জনীয়া বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ।এই বন্যহস্তীৰ মক্ত বিচৰণত শংকিত হৈ পৰিছে গাওঁখন স্থানীয় ৰাইজ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/22/whatsapp-2025-11-22-11-24-54.jpeg)
আনপিনে বন্যহস্তীৰ জাকটোৱে পথাৰৰ মাজত অৱস্থান কৰা বাবে এতিয়া কৃষক ৰাইজে চপাব পৰা নাই ধান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/22/whatsapp-image-2025-11-22-11-25-17.jpeg)
প্ৰাণিধানযোগ্য যে দীৰ্ঘদিন ধৰি বন্যহস্তীৰ জাকটোৱে বঢ়মপুৰৰ ঘোগৰ গাঁৱত অৱস্থান কৰি আহিছে যদিও আজিকোপতি বন বিভাগে বন্যহস্তীৰ জাকটো খেদি পঠিওৱাৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি সোনকালে বন বিভাগক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us