বনৰীয়া হাতীৰ বাবে তৈয়াৰ কৰিছে খাদ্য !

নগাঁও-কাৰ্বি আংলঙ সীমান্তত এতিয়া কিছু পৰিমাণে কমিছে হাতী-মানুহৰ সংঘাত। হাতী বন্ধুৰ এই মহান কাৰ্যৰ দ্বাৰা এতিয়া উপকৃত হৈছে ভৈয়ামৰ ৰাইজ।

author-image
Asomiya Pratidin
New Update
AP WEB elephant

ডিজিটেল সংবাদ, নগাওঁঃ  নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী হাতীখুলি ৰংহাঙ গাঁৱত হাতী-মানুহৰ সংঘাতৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এটা বিশেষ দৃশ্য । সংঘাত নহয় বন্যহস্তীৰ লগত বন্ধুত্ব স্থাপনৰ উদ্দেশ্যৰে বন্যহস্তীৰ বিভিন্ন প্ৰিয় খাদ্যৰে ভৰপুৰ কৰি তোলা হৈছে এখন পাহাৰ। যাক এক অৰ্থত ক'ব পাৰি বন্যহস্তীৰ ৰেষ্টুৰেন্ট বুলি ।

উল্লেখ্য যে, "হাতী বন্ধু" নামৰ এটা সংগঠনে গুৱাহাটীৰ বিশিষ্ট নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা,মেঘ্না ময়ুৰ হাজৰিকাৰ উদ্যোগত হাতীখুলি ৰংহাঙ বাসীৰ সহযোগত এটা টকলা পাহাৰত প্ৰায় ৪০০বিঘা মাটিত ঔ-টেঙা,কুম্ভীৰ,নেফিয়াৰ ঘাঁহ আৰু ‌‌ঝাড়ুৰ লগতে হাতীৰ অন্যান্য প্ৰিয় বস্তুৰ খেতি কৰিছে । ইয়াৰ লগতে প্ৰায় ২০০বিঘা মাটিত ধান খেতি কৰি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিছে ।

তাৰোপৰি সেই খাদ্য এতিয়া পাহাৰৰ বন্যহস্তীয়ে খোৱা নয়নাভিৰাম দৃশ্য দেখি "হাতী বন্ধুৰ" সদস্য সকল উৎফুল্লিত হৈ পৰিছে । সেই খাদ্য‌ এতিয়া পাহৰৰ বন্যহস্তীয়ে খাবলৈ পোৱাৰ ফলত ভৈয়ামলৈ নামি অহা নাই হাতীৰ জাকটো। 

যাৰ ফলত সততে হাতী-মানুহৰ সংঘাত প্ৰৱণ অঞ্চল হিচাপে পৰিচিত নগাঁও-কাৰ্বি আংলঙ সীমান্তত এতিয়া কিছু পৰিমাণে কমিছে হাতী-মানুহৰ সংঘাত। হাতী বন্ধুৰ এই মহান কাৰ্যৰ দ্বাৰা এতিয়া উপকৃত হৈছে ভৈয়ামৰ ৰাইজ । 

আনপিনে হাতীখুলি ৰ‌ংহাঙ গাঁৱৰ ৰাইজে হাতীৰ বাবে কৃষিকাৰ্য কৰিবলৈ নিজৰ প্ৰায় ৬০০ বিঘাৰো অধিক মাটি "হাতী বন্ধুক" প্ৰদান কৰি আন এক আৰ্দশ দেখুৱাইছে ।উল্লেখ্য যে হাতী বন্ধু নামৰ সংগঠনটোৱে বিগত তিনিবছৰ ধৰি কৰি আহিছে এই মহান কাৰ্য ।

অসম