/asomiyapratidin/media/media_files/2026/02/18/whatsapp-ima-2026-02-18-10-13-20.jpeg)
ডিজিটেল ডেস্কঃ দৰিদ্ৰতাই কেতিয়াও সাফল্যৰ বাটত হেঙাৰ হৈ থিয় দিব নোৱাৰে। ধৈৰ্য্য আৰু একাগ্ৰতা থাকিলে জীৱনত সকলো সফল হব পাৰে ইয়াকেই যেন প্ৰমাণ কৰি দেখুৱালে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে নগাঁৱৰ জলাহ গাঁৱৰ এগৰাকী যুৱতীয়ে। উৰুখা পঁজাত থাকি শিক্ষাকেই জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি হাজাৰ প্ৰত্যাহ্বান নেওচি সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ময়ুৰী শইকীয়া।
/asomiyapratidin/media/post_attachments/975a88d8-018.png)
উল্লেখ্য যে, জলাহ গাঁৱৰ কৃষক সুনীল শইকীয়াৰ জীয়ৰী ময়ুৰীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম বিত্তীয় সেৱাৰ ৩৪নম্বৰ স্থানত উত্তীৰ্ণ হৈ পিতৃ মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। যাৰ বাবে ময়ুৰীৰ এই সফলতাত এতিয়া পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। আনফালে আগন্তুক দিনত সততা আৰু দক্ষতাৰে নিজৰ সেৱা আগবঢ়ায় যাম বুলি ময়ুৰী শইকীয়াই মন্তব্য আগবঢ়াইছে ।
/asomiyapratidin/media/post_attachments/e6cfb402-2d0.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us