/asomiyapratidin/media/media_files/2026/02/15/129-2026-02-15-17-01-59.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰ : ক্ৰমাৎ অধিক আৰ্কষণীয় হৈ পৰিছে বঢ়মপুৰৰ ৰাজনীতি। বঢ়মপুৰত শাসক-বিৰোধী নহয়, মিত্ৰজোঁটৰ মাজতেই বৃদ্ধি পাইছে বাকযুদ্ধ।
মিত্ৰজোঁটৰ Big Brother বিজেপি আৰু অগপৰ মাজত সৃষ্টি হৈছে মুকলি সংঘাত। বিগত ৩৫টা বছৰে অসম গণ পৰিষদৰ দখলত আছিল বঢ়মপুৰ বিধানসভা সমষ্টি। কিন্তু ২০২১চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অসুস্থতাৰ বাবে বঢ়মপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ভাৰতীয় জনতা পাৰ্টিৰ জিতু গোস্বামীয়ে।
জাতীয়তাবাদৰ ভেটি থকা সমষ্টিটোত অসম গণ পৰিষদৰ পৰা পুনৰ নিৰ্বাচন খেলাৰ মন মেলিছে অগপ নেতা মণি মাধৱ মহন্তই। ইয়াকে লৈ সমষ্টিটোত কুচকাৱাছ আৰম্ভ কৰিছে মণি মাধৱ মহন্তই।
যাৰ ফলত এতিয়া মুকলি বিদ্ৰোহ দেখা পোৱা গৈছে দুই মিত্র দলৰ মাজত। বিজেপিয়ে এই সমষ্টিটো এৰি নিদিলে বঢ়মপুৰত অকলেই নিৰ্বাচন খেলিব বুলি ইতিমধ্যে মন্তব্য কৰিছে বঢ়মপুৰ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ সমিতিৰ সম্পাদক খগেন কুমাৰ গায়নে। কেৱল এয়েই নহয়, নিৰ্বাচনত বঢ়মপুৰত অসম গণ পৰিষদৰ প্ৰাৰ্থী মণিমাধৱ মহন্তয়ে হ'ব বুলিও মন্তব্য কৰে সম্পাদকগৰাকীয়ে।
আনপিনে বঢ়মপুৰৰ বিধায়কগৰাকীৰ আচৰণ আৰু গুণ্ডাৰাজে অতিষ্ঠ কৰা বুলি মন্তব্য কৰে অগপ নেতা-কৰ্মীয়ে। বিগত পঞ্চায়ত নিৰ্বাচনত বঢ়মপুৰত অসম গণ পৰিষদক বিধায়ক জিতু গোস্বামীয়ে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
লগতে পঞ্চায়ত নিৰ্বাচনত ৫টা আঞ্চলিক পঞ্চায়ত মিত্ৰতাৰ খাতিৰত অসম গন পৰিষদ দলক এৰি দিয়া হৈছিল যদিও আকৌ বিধায়কগৰাকীৰ নেতৃত্বতেই নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰোৱাই অসম গণ পৰিষদৰ স্বাভিমানত কুঠাৰাঘাত কৰে বিধায়ক জিতু গোস্বামীয়ে। গতিকে ৩৫বছৰে অসম গণ পৰিষদৰ দূৰ্গস্বৰূপ বঢ়মপুৰ বিধানসভা সমষ্টি পুনৰ ঘূৰাই লাগে অসম গণ পৰিষদক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us