/asomiyapratidin/media/media_files/2025/10/26/ujjjdd-2025-10-26-09-30-56.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছৌদি আৰৱত এটা শ্ব’ৰ সময়ত বলীউডৰ অভিনেতা চলমান খানে বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক দেশ বুলি অভিহিত কৰি চুবুৰীয়া দেশখনক ক্ষুব্ধ কৰি তুলিছে। শ্বাহবাজ চৰকাৰে চলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে। এই সন্দৰ্ভত পাকিস্তানৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক অধিসূচনাও জাৰি কৰিছে।
পাকিস্তানে ছলমান খানক চতুৰ্থ অনুসূচীত স্থান দিছে, অৰ্থাৎ তেওঁক সন্ত্ৰাসবাদী ঘোষণা কৰা হৈছে। এই তালিকাখন সন্ত্ৰাসবাদ বিৰোধী আইনখনৰ অধীনত পৰে, আৰু ইয়াত থকা ব্যক্তিসকলৰ ওপৰত পাকিস্তানত আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত চৰকাৰী অধিসূচনা জাৰি কৰা হৈছে। অৱশ্যে ছলমান খান বা তেওঁৰ প্ৰতিনিধিৰ কোনো তাৎক্ষণিক সঁহাৰি পোৱা নাই।
ছৌদি আৰৱত অনুষ্ঠিত জয় ফ’ৰাম ২০২৫ত বলীউড অভিনেতা চলমান খানে ভাষণ দিয়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত তেওঁ কয় যে এইসকল বেলুচিস্তানৰ জনসাধাৰণ, আফগানিস্তানৰ জনসাধাৰণ, পাকিস্তানৰ জনসাধাৰণ, সকলোৱে চৌদি আৰৱত কঠোৰ পৰিশ্ৰম কৰি আছে। এই বিবৃতিত তেওঁ পাকিস্তানৰ পৰা পৃথকে বেলুচিস্তানৰ কথা উল্লেখ কৰিছে।
ছলমানৰ এই বক্তব্যই পাকিস্তানত ক্ষোভৰ সৃষ্টি কৰাৰ বিপৰীতে বেলুচিস্তানৰ বিচ্ছিন্নতাবাদী নেতাসকলে তেওঁক সন্তুষ্ট আৰু ধন্যবাদ জনাইছে। চলমানে ইচ্ছাকৃতভাৱে বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক কৰিছিল নে অজানিতে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us