মা মহামায়া স্নানঘাট মন্দিৰত আৰম্ভ শক্তি যজ্ঞানুষ্ঠান

শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ পৰ্বতঝোৰাৰ ঐতিহাসিক মা মহামায়া স্নানঘাট মন্দিৰত আৰম্ভ হ'ল ৩১সংখ্যক শক্তি যজ্ঞানুষ্ঠান। বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হোৱা শক্তি যজ্ঞানুষ্ঠান উপলক্ষে উদুলি মুদুলি মা মহামায়া স্নানঘাট মন্দিৰ প্ৰাঙ্গন।

author-image
Asomiya Pratidin
New Update
23

ডিজিটেল সংবাদ, পৰ্বতঝোৰা : শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ পৰ্বতঝোৰাৰ ঐতিহাসিক মা মহামায়া স্নানঘাট মন্দিৰত আৰম্ভ হ'ল ৩১সংখ্যক শক্তি যজ্ঞানুষ্ঠান। বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হোৱা শক্তি যজ্ঞানুষ্ঠান উপলক্ষে উদুলি মুদুলি মা মহামায়া স্নানঘাট মন্দিৰ প্ৰাঙ্গন।

প্ৰতিবছৰৰ দৰে এই বছৰো বগৰীবাৰী বিশ্ব অদ্বিতীয় ২৫ হাত মা কালী মন্দিৰ প্ৰাঙ্গনৰ পৰা এক বিশাল বাৰে ৰোহণীয়া সাংস্কৃতিক শোভা যাত্ৰা কৰি টিপকাই নদীৰ মা মহামায়া স্নানঘাটত মাংগলিক নীতি নিয়মেৰে পূজা অৰ্চনা কৰি পানী আহৰণ কৰি যজ্ঞস্থল পবিত্ৰ কৰাৰ পিছত কোঁচ ৰাজবংশী পৰম্পৰাগত মাৰাই পূজা সম্পূর্ণ হোৱাৰ পিছতেই সূৰ্য্য দেৱতাৰ পৰা শক্তি আহৰণ কৰি শক্তিযজ্ঞৰ জুই জ্বলাই পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণে মহা শক্তিযজ্ঞ আৰম্ভ কৰা হয়। 

পৰ্বতঝোৰা