৩৫ বছৰ বয়সতেই বেডমিণ্টনক চিৰবিদায় জনালে ছাইনা নেহৱালে

''মোৰ আনুষ্ঠানিক অৱসৰৰ ঘোষণা কোনো ডাঙৰ কথা নহয়। মানুহে লাহে লাহে বুজিব পাৰিব যে ছাইনাই আৰু নেখেলে। বিশ্ব বেডমিণ্টনত ভাল স্থানত থাকিবলৈ হ'লে প্ৰতিদিনে ৮-৯ ঘণ্টা অনুশীলন কৰিব লাগিব। মোৰ শৰীৰে ২ ঘণ্টাৰ অধিক সময় দিব পৰা নাই। এনেকৈ সম্ভৱ নহয়।"

author-image
Asomiya Pratidin
New Update
new ap web 3.jpg

ডিজিটেল ডেস্কঃ ভাৰতীয় বেডমিণ্টন জগতৰ এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সামৰণি পৰিল। যিগৰাকী খেলুৱৈয়ে ভাৰতীয় বেডমিণ্টনক বিশ্ব দৰবাৰত এক নতুন পৰিচয় দিছিল। সেইগৰাকী 'বেডমিণ্টন কুইন' ছাইনা নেহৱালে প্ৰতিযোগিতামূলক খেলৰ পৰা গ্ৰহণ কৰিছে অৱসৰ।দীৰ্ঘদিন ধৰি আঁঠুৰ আঘাতৰ সৈতে যুঁজি থকাৰ পাছত অৱশেষত ক্ৰীড়া জগতক বিদায় জনালে তাৰকা খেলুৱৈগৰাকীয়ে। 

২০২৩ চনত নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ছাইনাই। তেতিয়াৰ পৰাই তাৰকাগৰাকী ক’ৰ্টৰ পৰা আঁতৰি আছিল। বৰ্তমানৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আজি তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

WhatsApp Image 2026-01-21 at 11.01.06 AM

উল্লেখ্য যে, 'বেডমিণ্টন কুইন'ছাইনা নেহৱালে এটা পডকাষ্টত আঠুৰ লিগামেণ্ট আৰু কাৰ্টিলেজৰ গুৰুতৰ সমস্যা হোৱাৰ বাবে পূৰ্বৰ দৰে তীব্ৰ প্ৰশিক্ষণ ল'বলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰিছিল । ছাইনাই লগতে কৈছিল যে- '' মোৰ আনুষ্ঠানিক অৱসৰৰ ঘোষণা কোনো ডাঙৰ কথা নহয়। মানুহে লাহে লাহে বুজিব পাৰিব যে ছাইনাই আৰু নেখেলে। বিশ্ব বেডমিণ্টনত ভাল স্থানত থাকিবলৈ হ'লে প্ৰতিদিনে ৮-৯ ঘণ্টা অনুশীলন কৰিব লাগিব। মোৰ শৰীৰে ২ ঘণ্টাৰ অধিক সময় দিব পৰা নাই। এনেকৈ সম্ভৱ নহয়।"

WhatsApp Image 2026-01-21 at 11.01.52 AM

ধাৰাবাহিক সাফল্যৰে ২০১৫ চনত বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিছিল ছাইনাই। ভাৰতীয় ক্ৰীড়াৰ প্ৰতি তেওঁৰ অৱদানৰ চিন স্বৰূপে দেশৰ কেইবাটাও সৰ্বোচ্চ ক্ৰীড়া আৰু অসামৰিক সন্মানেৰে বিভূষিত কৰা হৈছে। তেওঁ ২০০৯ চনত অৰ্জুন বঁটা, ২০১০ চনত মেজৰ ধ্যানচান্দ খেলৰত্ন আৰু পদ্মশ্ৰী তথা ২০১৬ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হয়। ইপিনে ২০২৩ চনৰ চিংগাপুৰ অপেনতে শেষবাৰৰ বাবে ক'ৰ্টত নমা ছাইনাৰ এই বিদায়ে ক্ৰীড়াপ্ৰেমীসকলক মৰ্মাহত কৰিছে যদিও তেওঁৰ যাত্ৰাই আগন্তুক প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব।

WhatsApp Image 2026-01-21 at 11.01.20 AM

ছাইনা নেহৱালে