Advertisment

বলীউড অভিনেতা ছেইফ আলী খানক নিজ বাসগৃহত আক্ৰমণ দুৰ্বৃত্বৰ...

ডকাইতিৰ উদ্দেশ্যেৰে বাসগৃহত প্ৰৱেশ কৰা দুৰ্বৃত্বই ছুৰীৰে আক্ৰমণ কৰাত দেহৰ ৬টাকৈ অংশত আঘাত পায় অভিনেতাগৰাকীয়ে । বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত সংঘটিত হয় উক্ত ঘটনাটো । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  দুৰ্বত্বৰ আক্ৰমণৰ বলি হ’ব লগা হৈছে বলীউডৰ অভিনেতা ছেইফ আলী খান । মুম্বাইস্থিত বাসগৃহত নিশা আক্ৰমণ কৰে দুৰ্বৃত্বই ।

Advertisment

উল্লেখযোগ্য যে ডকাইতিৰ উদ্দেশ্যেৰে বাসগৃহত প্ৰৱেশ কৰা দুৰ্বৃত্বই ছুৰীৰে আক্ৰমণ কৰাত দেহৰ ৬টাকৈ ঠাইত আঘাত পায় অভিনেতাগৰাকীয়ে । বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত সংঘটিত হয় উক্ত ঘটনাটো । 

ঘটনাৰ পিছতে লীলাৱতী হাস্পতালত নিশা প্ৰায় ৩.৩০ বজাত ভৰ্তি কৰোৱা হয় খানক । পুৱা প্ৰায় ৫.৩০ বজাৰ পৰা অভিনেতাজনৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰা হৈছিল । বৰ্তমানেও চিকিৎসকে তীক্ষ্ণ দৃষ্টি ৰাখিছে অভিনেতাজনৰ ওপৰত ।

ঘটনাৰ পিছতে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । এই পৰ্যন্ত সন্দেহবশত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ।  

অভিনেতা