/asomiyapratidin/media/media_files/2025/02/05/rrvnwsibrSyHFXVJK7K3.jpg)
ডিজিটেল সংবাদ,চামতাঃ “প্ৰাথমিক বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা, এক ভাবিব নোৱাৰা সুন্দৰ ব্যৱস্থা ৷ এই প্ৰাচীৰ পত্ৰিকাই শিশু সকলৰ বৌদ্ধিক দিশৰ উত্তোৰণত সহায় কৰে” এই মন্তব্য অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ সচিব, এ চি এচ বিষয়া শুস্বপ্না কাকতীৰ ৷
পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ৩৬ নং পূৱ ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰৰ ৫৪৭ নং সাহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত আজি গুণোৎসৱত ভি আই পি বৰ্হিৰ মূল্যায়ক হিচাবে উপস্থিত থাকি বিদ্যালয় খনৰ প্ৰাচীৰ পত্ৰিকা অংকুৰ ৰ গুণোৎসৱ বিশেষ সংখ্যটো উন্মোচন কৰি এই মন্তব্য কৰে এ চি এচ বিষয়া কাকতীয়ে ৷
পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত সাহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত আজি পুৱাৰে পৰা বিৰাজ কৰে এক উখল মাখল পৰিৱেশে ৷ ১৩৯ শিশু ছাত্ৰ ছাত্ৰী, সমানে সমানে অভিভাৱক, বিদ্যালয়ৰ মাতৃ গোট, বিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তণ ছাত্ৰ, শিক্ষক, আৰু স্থানীয় গন্য মান্য ব্যক্তিৰ উপস্থিতি পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় চলিত বৰ্ষৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৷
বিগত পাঁচ বছৰে এ+ গ্ৰেড লাভ কৰা ৫৪৭ নং সাহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত আজি গুণোৎসৱৰ বৰ্হিৰ মূল্যায়ক হিচাবে উপস্থিত থাকে টিহু মহাবিদ্যায়ৰ সহযোগী অধ্যাপক ড° কমল অধিকাৰী আৰু গুণোৎসৱৰ ভি আই পি পৰিদৰ্শক হিচাবে উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ সচিব শুস্বপ্না কাকতী ৷
পুৱা ৯ বজাত দুয়োগৰাকী বৰ্হিৰ মূল্যায়ক বাটচ’ৰাৰ পৰা আদৰি নিয়া আৰু প্ৰাত: সভাৰ লগতে শিশু ছাত্ৰ ছাত্ৰীৰ সহ: বিদ্যায়তনিক দিশৰ নৃত্য, গীত, বক্তৃতা আদি দেখি এ চি এচ বিষয়া শুস্বপ্না কাকতী; অধ্যাপক ড° কমল অধিকাৰীৰ লগতে উপস্থিত ৰাইজ অভিভূত হয় ৷
পুৱাৰ ভগতে বিদ্যা লয় খনত উপস্থিত হয় পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মঞ্জুৰাণী দেৱী, এ আৰ পি মকিবৰ ৰহমান, চি আৰ চি চি জিতুমণি আহমেদ, জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰা জিলা আচনি বিষয়া প্ৰফুল্ল কলিতা,কৃতি গোস্বামী,ডেইজী তালুকদাৰ আৰু জে ই অমৰ দত্ত উপস্থিত হৈ গুণোৎসৱ পৰিচালনাৰ বুজ লয় ৷
বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিমল কুমাৰ শৰ্মা, নডেল অফিচাৰ নৱ বৰ্মন আৰু অন্য বিদ্যালয়ৰ পৰা অহা সহায়ক মূল্যাক ভাৱনা তালুকদাৰ,শ্ৰুতিমালা মিশ্ৰ, সীমা ঠেঙাল, দৱপামণি ভূঞাই বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ণ কাৰ্যত বৰ্তি হয় ৷ বিদ্যালয়খনৰ শিশু সকলৰ ছবি,গল্প, প্ৰৱন্ধ, কবিতা, সাথৰ, কুইজ, আদিৰে পৰিপুৰ্ণ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা অংকুৰৰ শুণোৎসৱ বিশেষ সংখ্যাটো উন্মোচন কৰে এ চি এচ বিষয়া শুস্বপ্না কাকতী আৰু অধ্যাপক ড° কমল অধিকাৰীয়ে ৷