হেমচন্দ্ৰ বৰুৱালৈ শ্ৰদ্ধা নিবেদি সাহিত্য সভাৰ স্মাৰক গীত উন্মোচন

সোমবাৰে বিয়লি যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাংগণত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটি শুভ উন্মোচন কৰে সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-08 at 6.18.53 PM

ডিজিটেল ডেস্কঃ উৰেটো জীৱন শব্দ বুটলি/ হেমকোষ নামেৰে সজাই কৰণি/ আইৰ মুখৰ মাত কৰিলা চহকী...

অসম সাহিত্য সভাই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত তেওঁৰ প্ৰতি বিশেষ শ্ৰদ্ধা জনাই মুকলি কৰিলে এটি সমবেত সংগীত। সোমবাৰে বিয়লি যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাংগণত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটি শুভ উন্মোচন কৰে সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে।

এই সুমধুৰ গীতটিৰ কথা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ, সুৰ প্ৰসেনজিৎ লাহনৰ। গীতটিত সংগীত, শব্দ সংমিশ্ৰণ কৰিছে অৰূপ দত্তই। আনহাতে, কণ্ঠ শিল্পীসকল হৈছে- প্ৰসেনজিৎ লাহন, ৰঞ্জনা ডেকা, পৰশমণি লইং, আশিস কাশ্যপ, গৌৰৱ শৰ্মা আৰু জয়স্তুতি ভূঞা। গীতটিত ক'ভাৰ ডিজাইন কৰিছে জোনাক যুগান্তৰ বৰাই। গ্ৰাফিক্স ভিডিঅ' প্ৰস্তুত কৰিছে প্ৰাঞ্জল বৰাই (চুম্পি)। 

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই তাহানিতেই নানান প্ৰতিকূলতাক নেওচি অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছিল। তেওঁ অসমীয়া ভাষাৰ পূৰ্ণাংগ অভিধান হেমকোষৰ উপৰিও অসমীয়া ব্যাকৰণ, অসমীয়া ল'ৰাৰ ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, অসমীয়া ল'ৰাৰ আদিপাঠ, পাঠমালা, স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়, কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, আছামিজ মেৰিজ চিষ্টেম আদি বিভিন্ন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। 

উল্লেখযোগ্য় যে, ১০ ডিচেম্বৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষে ১২৫টা বছৰ সম্পূৰ্ণ কৰিব। আনহাতে, অতি শীঘ্ৰে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত হেমচন্দ্ৰ বৰুৱা এটি পূৰ্ণাংগ মূৰ্ত্তি প্ৰতিষ্ঠা কৰা হ'ব বুলি জানিব পৰা গৈছে। 

হেমকোষ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ওজা হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ বৰুৱা