কাৰ্বি জনগোষ্ঠী আমাৰ অভিন্ন অংগঃ ড° বসন্তকুমাৰ গোস্বামী

পশ্চিম কাৰ্বি আংলঙত শেহতীয়াকৈ সংঘটিত হৈ থকা দুর্ভাগ্যজনক ঘটনাক লৈ সমগ্ৰ ৰাজ্যত গভীৰ উদ্বেগৰ পৰিৱেশ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
hfjkdhksjdhjksd

ডিজিটেল সংবাদ, গুৱাহাটীঃ পশ্চিম কাৰ্বি আংলঙত শেহতীয়াকৈ সংঘটিত হৈ থকা দুর্ভাগ্যজনক ঘটনাক লৈ সমগ্ৰ ৰাজ্যত গভীৰ উদ্বেগৰ পৰিৱেশ সৃষ্টি হৈছে। এই ঘটনাত বহু নিৰীহ লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে অঞ্চলটোত সামাজিক অস্থিৰতা আৰু ভীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। জনজীৱন ব্যাহত হোৱাৰ উপৰি বহু পৰিয়ালে অপূৰণীয় ক্ষতি সহ্য কৰিবলগীয়া হৈছে। 

এই দুখজনক পৰিস্থিতিৰ প্রতি গভীৰ সংবেদনশীলতা প্রকাশ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে এক সংবাদ বিজ্ঞপ্তিত কয় যে- "কাৰ্বি জনগোষ্ঠী আমাৰ অভিন্ন অংগ। বিচিত্ৰতাৰ মাজত একতাৰ সংস্কৃতিৰ বাহক অসমৰ নৃগোষ্ঠীসমূহ। কাৰ্বি পাহাৰৰ সৌন্দৰ্য অসমৰ সকলোৰে উপভোগ্য হোৱাটো অসম সাহিত্য সভাই বিচাৰে। গতিকে গণতান্ত্রিক পদ্ধতিৰে সকলো সমস্যা সমাধান কৰিব পাৰি। প্ৰতিটো সমস্যা পিঠিতে থকা সমাধান বিচৰাটো অতি সহজ। গণতান্ত্রিক ব্যবস্থাৰে সকলো সমস্যা সমাধান কৰিব পাৰি বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। লগতে শান্তিপূর্ণ প্রতিবাদক সন্মান জনাবলৈও চৰকাৰক তেখেতে আহ্বান জনায়। 

ইফালে, সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই আজি এক সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰে যে-"পশ্চিম কাৰ্বি আংলঙৰ ঘটনাই কেৱল সংশ্লিষ্ট অঞ্চলটোকেই নহয়, সমগ্ৰ অসমবাসীক মর্মাহত কৰিছে। অসমৰ দৰে বহু ভাষা, বহু সংস্কৃতি আৰু বহু জাতি-জনগোষ্ঠীৰ সহাৱস্থানৰ ৰাজ্যত এনে ঘটনা অতি দুর্ভাগ্যজনক। হিংসা, সংঘাত আৰু অশান্তিয়ে কোনো সমস্যাৰ স্থায়ী সমাধান কেতিয়াও আনিব নোৱাৰে। ইয়াৰ ফলত সমাজৰ শান্তি-সম্প্রীতি, ভাতৃত্ববোধ আৰু মানৱীয় মূল্যবোধ গুৰুতৰভাৱে ক্ষতিগ্রস্ত হয়। বিশেষকৈ নিৰীহ জনসাধাৰণ, মহিলা, শিশু আৰু দুৰ্বল শ্ৰেণীৰ লোকসকল এনে ঘটনাত অধিক ভুক্তভোগী হয় বুলি প্রধানসম্পাদক গৰাকীয়ে উদ্বেগ প্রকাশ কৰে।" অসম সাহিত্য সভাই অসম চৰকাৰ আৰু জিলা প্রশাসনক পৰিস্থিতি গুৰুত্বসহকাৰে মূল্যায়ন কৰি অঞ্চলটোত শান্তি-শৃংখলা পুনৰ স্থাপন কৰিবলৈ সকলো প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়।

অসম সাহিত্য সভা সাহিত্য সভা