খেৰণিত ক্ষতিগ্রস্ত হোৱা কাৰ্বি সমাজৰ সৈতে থিয় হ'ব অসম সাহিত্য সভাঃ ড° বসন্ত কুমাৰ গোস্বামী

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত কাৰ্বি সমাজ আৰু অনাকার্বি লোকসকলৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত উদ্বেগ প্রকাশ কৰিছে অসম সাহিত্য সভাই।

author-image
Asomiya Pratidin
New Update
httrtertr

ডিজিটেল সংবাদ, গুৱাহাটীঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত কাৰ্বি সমাজ আৰু অনাকার্বি লোকসকলৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত উদ্বেগ প্রকাশ কৰিছে অসম সাহিত্য সভাই। আজি সভাৰ ভগৱতী প্রসাদ বৰুৱী ভৱনত এখন সংবাদমেল আয়োজন কৰি সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী আৰু প্রধান সম্পাদক দেৱজিৎ বৰাই এই কথা স্পষ্ট কৰে।

সংবাদমেলত সভাই এই সংঘর্ষই অসমৰ সামাজিক সম্প্রীতি আৰু ভ্রাতৃত্ববোধত আঘাত হানিছে বুলি উল্লেখ কৰে। সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সংবাদমেল সম্বোধন কৰি কয় যে, খেৰণিৰ ঘটনাত ক্ষতিগ্রস্ত হোৱা কাৰ্বি সমাজৰ লগত অসম সাহিত্য সভা থিয় হ'ব। সভাই এই সংঘর্ষত ক্ষতিগ্রস্ত সকলো পৰিয়ালৰ প্রতি সহানুভূতি জ্ঞাপন কৰিছে। কোনো জনগোষ্ঠীৰ ওপৰত অন্যায় হ'লে অসমৰ ৰাইজ নীৰৱে নাথাকে। বিশেষকৈ কাৰ্বি জনগোষ্ঠীৰ এই সমস্যাক গুৰুত্বসহকাৰে বিবেচনা কৰাৰ প্ৰয়োজন।

অসম সাহিত্য সভাই উল্লেখ কৰে যে, এই ঘটনাৰ প্রতিবাদ স্বাভাৱিকভাবে ইতিমধ্যেই বিভিন্ন স্থানত আৰম্ভ হৈছে। এই প্রেক্ষাপটত সভাই প্রতিবাদকাৰীসকলক শান্তি, সংযম আৰু শালীনতা বজাই ৰাখিবলৈ আহ্বান জনায়। প্রতিবাদ যেন হিংসাত্মক ৰূপ নলয় আৰু কোনো লোক বা সম্পত্তিৰ ক্ষতি নঘটায়, তাৰ বাবে সকলোকে দায়িত্বশীল আচৰণ কৰিবলৈ সভাই আহ্বান জনায়। গণতান্ত্রিক আৰু সাংবিধানিক পথৰ জৰিয়তেই নিজৰ দাবী উত্থাপন কৰাটো সভাই সমর্থন কৰে।

আনহাতে, সংবাদমেলত অসম সাহিত্য সভাই ৰাজ্য চৰকাৰক এই ঘটনাৰ ক্ষেত্রত অতি দায়িত্বশীল ভূমিকা গ্রহণ কৰিবলৈ দাবী জনায়। লগতে পশ্চিম কাৰবি আংলং জিলা প্রশাসনকো ঘটনাটোৰ সকলো দিশ সুক্ষ্মভাবে বিচাৰ-বিবেচনা কৰি ন্যায়সংগত ব্যৱস্থা লোৱাৰো জনায় আহ্বান ।

সাহিত্য সভাই লগতে কয় যে, অসম বহু জাতি, বহু ভাষা আৰু বহু সংস্কৃতিৰ ৰাজ্য। ইয়াত জাতি-জনগোষ্ঠীৰ মাজত সহৱস্থান, পাৰস্পৰিক সন্মান আৰু সম্প্ৰীতি অতি মূল্যবান ঐতিহ্য। এনে সময়ত উচটনি আৰু বিভাজনমূলক বক্তব্যৰ পৰা সৰ্বসাধাৰণক আঁতৰি থাকিবলৈ সভাই অনুৰোধ জনায়।

সংবাদমেলত লগতে উল্লেখ কৰে যে, অসম সাহিত্য সভা কেৱল ভাষা আৰু সাহিত্যৰ সংগঠন নহয়, সমাজৰ অভিভাৱক হিচাপে দায়িত্ব পালন কৰি আহিছে। সেয়ে সামাজিক অন্যায়, সংঘাত আৰু অশান্তিৰ সময়ত সভাই সদায় থিয় হ'ব। অসম সাহিত্য সভাই সকলো ৰাজনৈতিক দল, সামাজিক সংগঠন, বৌদ্ধিক সমাজ আৰু সাধাৰণ নাগৰিকক একেলগে আগবাঢ়ি আহি শান্তি স্থাপনত সহায় কৰিবলৈ আহ্বান জনায়।

অসম সাহিত্য সভা