সাহিত্য ৰত্ন উপাধি প্ৰদান আৰু সুৰেন্দ্ৰ নাথ কাকতি স্মাৰক বক্তৃতা অনুষ্ঠান

তিনি গৰাকী বৰেণ্য সাহিত্যিক ক্ৰমে উপেন্দ্ৰ বৰকটকী, ড০ জ্যোতিৰ্ময় জানা আৰু মৰণোত্তৰ ভাৱে প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰক সাহিত্য ৰত্ন উপাধিৰে সন্মানিত কৰা হব। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁও:  নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু শিক্ষাবিদ সুৰেন্দ্ৰ নাথ কাকতি স্মৃতি ন্যাসৰ সহযোগত অহা ২১ ডিচেম্বৰ তাৰিখে নগাঁও ছোৱালী কলেজৰ কুশীলৱ প্ৰেক্ষাগৃহত দিনৰ ১১-০০ বজাত সাহিত্য ৰত্ন উপাধি প্ৰদান কৰা এক অনুষ্ঠান আয়োজন কৰা হৈছে বুলি এক প্ৰেছ বিবৃতিত নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীব কুমাৰ হাজৰিকা আৰু সুৰেন্দ্ৰ নাথ কাকতি স্মৃতি ন্যাসৰ মুখ্য ন্যাসৰক্ষী মৌচুমী কাকতিয়ে জানিবলৈ দিছে।

তিনি গৰাকী বৰেণ্য সাহিত্যিক ক্ৰমে উপেন্দ্ৰ বৰকটকী, ড০ জ্যোতিৰ্ময় জানা আৰু মৰণোত্তৰ ভাৱে প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰক সাহিত্য ৰত্ন উপাধিৰে সন্মানিত কৰা হব। একেটা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড০স্বাধীনতা মহন্তক সুৰেন্দ্ৰ নাথ কাকতি কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা লগতে সুৰেন্দ্ৰ নাথ কাকতি স্মাৰক বক্তৃতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মৃণাল কুমাৰ বৰুৱাই প্ৰমূল্যবোধৰ উত্তৰণ আৰু মানৱ সমাজৰ ভৱিষ্যত শীৰ্ষক বিষয়ত  প্ৰদান কৰিব।

জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰিব লগীয়া এই অনুষ্ঠানত মাল্য প্ৰদানেৰে অনুষ্ঠানৰ আৰম্ভ কৰিব নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড০ কুলেন চন্দ্ৰ দাসে আৰু বন্তি প্ৰজ্বলন কৰিব শঙ্কৰী সংস্কৃতিৰ সাধক নলিনী বৰাই।সকলোকে এই অনুষ্ঠানলৈ নগাঁও জিলা সাহিত্য সভা আৰু সুৰেন্দ্ৰ নাথ কাকতি স্মৃতি ন্যাসৰ তৰফৰ পৰা নিমন্ত্ৰণ জনাইছে।

নগাঁও