সাহিত্য সভা, শংকৰ সংঘ, ভাওনা সমাৰোহ, যুৱ মহোৎসৱে দিলে কিহৰ বতৰা…

সাহিত্য সভা, শংকৰ সংঘ, ভাওনা সমাৰোহ, যুৱ মহোৎসৱে দিলে কিহৰ বতৰা…

ডিম্পুল বৰগোহাঁই

'কা' বিৰোধী তীব্ৰতৰ আন্দোলনৰ মাজতে সম্পাদিত হ'ল বড়ো ভূমিৰ বিদ্ৰোহী সংগঠন মূলতঃ এন ডি এফ বি আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি চুক্তি। এবছুৰ সভাপতি প্ৰমোদ বড়োৰ বিশেষ উদ্যোগত ৪ টাকৈ বিদ্ৰোহী গোটে অস্ত্ৰ সম্বৰণ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি সম্পাদন হোৱাৰ জৰিড়তে বড়ো ভূমিত কেইবা দশকজুৰি অব্যাহত থকা হিংসাত্মক কাৰ্য-কলাপ তথা সুকীয়া বড়ো ৰাজ্য আন্দোলনৰ অন্ত পৰিব বুলি সকলোৱে আশা কৰিছে। তদুপৰি বি টি এ ডি এলেকাৰ প্ৰসাৰ ঘটাই বড়ো অধ্যুষিত এলেকাক চুক্তিত উল্লেখিত বড়ো টেৰিটৰিয়েল ৰিজনৰ অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে বি টি এ ডিত অন্তৰ্ভূক্ত হৈ থকা অনা বড়ো অধ্যুষিত এলেকাক ইয়াৰ পৰা বাহিৰত ৰখা হ'ব বুলি গ্ৰহণ কৰা সিদ্ধান্তই অনা বড়ো লোক সকলকো উৎসাহিত কৰিছে। সেয়ে, বুজাবুজি চুক্তি সম্পাদন আৰু পৰ্যায়ক্ৰমে অস্ত্ৰ সমৰ্পণৰ পিচত যোৱা ৭ ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰত কেইবালক্ষ লোক উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জনোৱাৰ লগতে বিজয় উৎসৱ উদযাপন কৰিলে। অৱশ্যে উক্ত সমাৱেশতে শেহতীয়া এই শান্তি চুক্তিৰ মূল হোতা প্ৰমোদ বড়োৱে প্ৰধানমন্ত্ৰী গৰাকীক চুক্তিখনৰ প্ৰতিটো দফা কাৰ্যকৰী হ'লেহে বড়ো ভূমিলৈ স্থায়ী শান্তি ঘূৰি আহিব বুলিও স্পষ্ট কৰি দিয়ে।

তথাপি, শেহতীয়াকৈ সম্পাদন হোৱা এই শান্তি চুক্তিক আদৰণি জনাই অনুষ্ঠিত হোৱা বিজয় সমাৱেশে নিঃসন্দেহে এক ইতিবাচক বাৰ্তা বহন কৰিছে। সকলোৱে আশা কৰিছে ৰাজ্যখনৰ লগতে উত্তপ-পূৰ্বাঞ্চলৰ অন্যান্য বিদ্ৰোহী শক্তিৰ সৈতেও অৰ্থৱহ আলোচনাৰ জৰিয়তে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত আন্তৰিকতাপূৰ্ণ বুজাবুজিৰ চুক্তি সম্পাদনৰ বাবে চৰকাৰ একেদৰেই তৎপৰ হ'ব। ২০২০ বৰ্ষৰ আৰম্ভণি এনেদৰে ইতিবাচকভাৱে হোৱাটো দীৰ্ঘদিন ধৰি হতাশা আৰু অনিশ্চয়তাৰ মাজেৰে পাৰ কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে এক আশাব্যঞ্জক ঘটনা।

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগতো সকলোৱে আশা কৰিছে যে, কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূববাসীৰ অস্তিত্বৰ সংকটৰ আশংকা দূৰ কৰাৰ বাবে একেই ইতিবাচক দৃষ্টিভংগীৰে উত্তৰ-পূবক ইয়াৰ আওঁতাৰ পৰা বাহিৰত ৰাখিব বা দেশবাসীৰ প্ৰতিবাদক সন্মান জনাই বিতৰ্কিত আইনখন প্ৰত্যাহাৰৰ পদক্ষেপ গ্ৰহণ কৰিব। অসমৰ ৰাইজে এই আশাও কৰে যে, নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা আশংকা দূৰ কৰাৰ নামত অসম চুক্তিৰ ৬নং দফাত সন্নিৱিষ্ট খিল়ঞ্জীয়াৰ ৰক্ষাকৱচক চৰকাৰে ঢাল হিচাপে ব্যৱহাৰ নকৰিব। এই খিনিতে উল্লেখ কৰা ভাল যে, অসম চুক্তিৰ সম্পাদনৰ প্ৰায় ৩৫ বছৰৰ মূৰত ৬নং দফা কাৰ্যকৰী সমিতি গঠন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে যি প্ৰদক্ষেপ গ্ৰহণ কৰিলে, তাৰবাবে অসমৰ ৰাইজ আনন্দিত। সোমবাৰে খানাপাৰাস্থিত প্ৰশাসনীয় প্ৰদাধিকাৰী মহাবিদ্যালয়ৰ সভাগৃহত খিলঞ্জীয়াৰ সংজ্ঞা আৰু সুৰক্ষা নিৰূপণৰ বাবে অন্তিমখন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পিচতে উক্ত সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ৰূপৰেখা সন্দৰ্ভত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। এই প্ৰতিবেদনৰ আধাৰত চৰকাৰে গ্ৰহণ কৰিবলগা পদক্ষেপৰ সৈতে নাগৰিকত্ব সংশোধনী আইনক সংযুক্ত কৰি লোৱা হ'ব নেকি! তেনে এক আশংকাও ৰাইজে নকৰা নহয়। কিন্তু অসম আন্দোলনৰ নেতৃত্ব তথা অসমৰ সংগ্ৰামী ৰাইজপৰ স্পষ্ট মত হ'ল- দুয়োটা সম্পূৰ্ণ সুকীয়া বিষয়। ইয়াক একাকাৰ কৰাটো সাংবিধানিক তথা আইনগত ভাৱেও শুদ্ধ নহ'ব বুলিয়ে সকলোৱে গণ্য কৰে। সেয়েহে, ইতিবাচকভাৱে আৰম্ভ হোৱা বছৰটোক নেতিবাচক দৃষ্টিভংগীৰে নষ্ট কৰিবলৈ যোৱাটো হ'ব চৰকাৰৰ বাবেই এক আত্মঘাটী কাৰ্য।

চলিত বৰ্ষটোৰ আৰম্ভণিৰ সময়চোৱা বৰ্তমানলৈকে তুলনামূলকভাৱে উৎসাহজনক ভাৱেই পাৰ হৈছে। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত 'কা'ক লৈ জ্বলা জুইৰ লেলিহান শিখা, ধ্বংসাত্মক প্ৰতিবাদ অথবা প্ৰতিবাদ দমনৰ নামত কিশোৰ হত্যাৰ দৰে ঘটনা নতুন বছৰটোৰ আৰম্ভণিত ঘটা নাই। অৱশ্যে তাৰ মাজতেই কৃষক নেতা অখিল গগৈকে ধৰি বহুকেইজনক হিংসাত্মক কাৰ্যত লিপ্ত থকাৰ অভিযোগ অথবা মাওবাদীৰে সম্পৰ্ক ৰখাৰ অভিযোগত কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। এনে পদক্ষেপেৰে যে গণতান্ত্ৰিক প্ৰতিবাদ, আন্দোলন স্তব্ধ কৰি দিব নোৱাৰে সেয়া ঐতিহাসিকভাৱেই সত্য, যি সত্য সম্প্ৰত্তিও বিভিন্ন প্ৰতিবাদী আন্দোলনৰ মাজেৰে দল-সংগঠনসমূহে প্ৰমাণ কৰি দেখুৱাইছে। চৰকাৰে এই সত্য হৃদয়ংগম কৰাটো সময়ৰ আহ্বান।

২০২০ চনৰ আৰম্ভণি মাহটোত ইতিমধ্যেই অনুষ্ঠিত হৈ গৈছে ভাষা-সাহিত্য- সংস্কৃতিকে ধৰি জাতি জনগোষ্ঠীৰ পৰম্পৰা সম্পৰ্কীয় বহুকেইখন মহা মেলা। এই মহা মেলা সমূহৰ ভিতৰৰে কেইখনমান উল্লেখযোগ্য মহা মেলা হ'ল- ভাষা সাহিত্যৰ মহা মেলা অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিৱেশন, আধ্যত্মিকতা তথা শংকৰী সংস্কৃতিৰ মহা মেলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিৱেশন আৰু সত্ৰ নগৰী মাজুলীত আউনীআঁটি সত্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা আধ্যাত্মিকতা আৰু শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাটৰ ৯ দিনীয়া ভাওনা সমাৰোহ, ডিফুৰ তাৰালাংচুত অনু্ষ্ঠিত হোৱা পৰম্পৰাগত যুৱ সাংস্কৃতিক মহোৎসৱ, মহাবীৰ চিলাৰায় দিৱস, মে ডাম মে ফি, বাথৌ মহোৎসৱ। অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু এইবাৰ এক ব্যতিক্ৰমী ৰূপত উদযাপিত হৈ গ'ল। সেয়া যিয়েই নহওক, জাতীয় জীৱনৰ সংকটৰ সময়ত বহুকেইটা জাতীয় অনুষ্ঠানৰ লগতে পৰম্পৰাগত জাতীয়-জনগোষ্ঠীয় উৎসৱৰ ৰেহ-ৰূপে সমাগত সময়ত ভাষা, সাহিত্য, সংস্কৃতি, ঐতিহ্য আৰু প্ৰেম-ভাতৃত্বৰ সৱলীকৰণেৰে অসমৰ জাতি সত্বাক যে অধিক শক্তিশালী ৰূপত তুলি ধৰিব তাৰ সম্ভাৱনাও ইয়াৰ মাজেৰে পৰিস্ফূৰ্ট হৈছে। নিঃসন্দেহে এয়া হতাশাৰ মাজত আশাৰ বতৰা।

অসম সাহিত্য সভাৰ কাম-কাজক লৈ বিগত কেইটামান বছৰত বহু বিতৰ্ক সৃষ্টি হৈছিল। সাহিত্যৰ সেই মঞ্চখন যিখনক ৰাজ্যৰ সৰ্বোচ্চ সন্মানীয় আৰু জাতীয় মঞ্চ বুলি অসমবাসীয়ে গণ্য কৰে, তাত ৰাজনৈতিক নেতাৰ দপদপনি আৰু সভাৰ বিষয়-ববীয়া নিৰ্বাচনী প্ৰক্ৰিয়াত নিকৃষ্ট ৰাজনীতি সক্ৰিয় হৈ ইয়াৰ সন্মান অৱনমিত কৰা বুলি বাৰম্বাৰ অভিযোগ উত্থাপন হৈছিল। বিগত দশকটোত প্ৰথমে সভাৰ প্ৰধান সম্পাদক ৰূপে কেইবাটাও কাৰ্যকাল পাৰ কৰা ড০ পৰমানন্দ ৰাজবংশীয়ে পৰৱৰ্তীসময়ত সভাপতি পদত অধিষ্ঠিত হ'বলৈ কিদৰে নিৰ্বাচিত সভাপতিকো ভেটাৰ গোঁজত পৰিণত কৰিছিল, তাক লৈ হোৱা বিতৰ্কই সাহিত্য সভাৰ মঞ্চখনক সাহিত্যিকৰ পৰিৱৰ্তে ক্ষমতালিপ্সু ৰাজনীতিকৰ মঞ্চত পৰিণত কৰা বুলি সবৰ্ত্ৰে সমালোচনা হৈছিল। অৱশ্যে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰাই বিগত বৰ্ষত ৰহাত অনুষ্ঠিত মধ্যকালীন অধিৱেশনৰ লৈকে ৰাজনৈতিক নেতা আৰু সাহিত্য সভা প্ৰায় একাকাৰ হৈ পৰিছিল। শেহতীয়াকৈ শুৱালকুছিত অনুষ্ঠিত হোৱা ৭৫ সংখ্যক অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি হিচাপে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাচনি কৰাত এইবাৰৰ সাহিত্য সভাৰ মঞ্চ কেৱল ৰাজনীতিকৰ বাবেহে হ'ব বুলি সকলো একপ্ৰকাৰ নিশ্চিত হৈছিল। পিছে ইয়াৰ পূৰ্বেই অনুষ্ঠিত জিলা তথা শাখাসমূহৰ অধিৱেশনত কিছু ব্যতিক্ৰম পৰিলক্ষিত হৈছিল।

এই অধিৱেশনবোৰত জিলা শাখা সমিতিসমূহে সাহিত্যিক, সাংস্কৃতিক কৰ্মী আদিক সমাৱেশিত কৰোৱাৰ লগতে বিভিন্ন বিশিষ্ট লোকক সম্বৰ্ধনা, বহু পৰিমাণৰ গ্ৰন্থৰ উন্মোচন আদিৰ প্ৰয়োভৰে ইতিমধ্যে প্ৰায় নিষ্প্ৰাণ হৈ পৰা সাহিত্য সভাৰ তৃণমূল পৰ্যায়ত যেন নতুনকৈ প্ৰাণ সঞ্চাৰ কৰাৰ বাবে এক পৰিকাঠামো নিৰ্মাণ হৈছে, তাৰেই যেন আভাস দিছিল। তথাপিও সভাৰ সভাপতি নিৰ্বাচনৰ দৌৰত ৰাজনৈতিক নেতাৰ পত্নী, মাতৃৰ অন্তভূৰ্ক্তিয়ে প্ৰকৃত সাহিত্যিক সকলৰ মনৰ পৰা শংকা দূৰ কৰিব পৰা নাছিল। কিন্তু শুৱালকুছি অধিৱেশনৰ প্ৰস্তুতিৰ সকলোখিনি পৰ্দাৰ আঁৰত থাকিয়েই পৰিচালনা কৰিলেও প্ৰত্যক্ষভাৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অধিৱেশনস্থলীত সৰ্বেসৰ্বা ৰূপে উপস্থিত নহ'ল। সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ অধিৱেশনেই নহয় কাৰ্য পৰিচালনাৰ ক্ষেত্ৰতো চৰকাৰে সহায় কৰাটো কৰ্তব্য। তাৰেই আচিলা হৈ পূৰ্বৰ অধিৱেশনবোৰৰ বিভিন্ন অনুষ্ঠানত অতিথি হিচাপে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আদি উপস্থিত হৈ তেওঁলোকৰ প্ৰতিপত্তি জাহিৰ কৰিবলৈ কৰা চেষ্টাৰ ফলতে সাহিত্য সভাই পূৰ্বৰ গৰিমা হেৰুৱাইছিল। অৱশ্যে শুৱালকুছিৰ অধিৱেশনক লক্ষ্য কৰি লৈ, সাহিত্যৰ মঞ্চখন পুনৰ প্ৰকৃত সাহিত্যিকৰ হাতত অৰ্পণ কৰাটো এক নৈতিক দায়িত্ব বুলি যেন পৰমানন্দ ৰাজবংশীয়ে অৱশেষত উপলদ্ধি কৰিলে। নিশ্চিতভাৱে এয়া সম্ভৱ হ'ল- উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব লাভ কৰিও, অসম সাহিত্য সভাত উপ-সভানেত্ৰীৰ দায়িত্ব লাভ কৰা নিজৰ মাতৃৰ অনুষ্ঠানটোক ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিয়ে বিতৰ্কৰ মাজলৈ পুনৰ টাঁনি নিয়াটো হয়তো তেওঁ নিবিচাৰিলে। ইয়াকে লৈ দলীয় কৰ্মীসকলে তেওঁৰ উপস্থিতি অবিহনে কাম নকৰিব বুলি কোৱাৰ পিচতো মন্ত্ৰীগৰাকী তালৈ নগ'ল যদিও বাস্তৱত ৰাজনৈতিক নেতাৰ অনুপস্থিতিয়েহে সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিলে। অধিৱেশনৰ কেওতাদিনৰ কাৰ্যসূচীতো ভাষা-সাহিত্য-সংস্কৃতি -বিজ্ঞান- প্ৰযুক্তিকে ধৰি বৌদ্ধিক বিদ্যায়তনিক দিশৰ বহুকেইখন আলোচনাচক্ৰ অন্তৰ্ভূক্ত হৈছিল। অৱশ্যে ইয়াৰ প্ৰচাৰ বা যোগাযোগৰ দুৰ্বলতাৰ বাবেই হয়তো এইবাৰত উপস্থিতি আছিল সেৰেঙা। ইয়াৰ বিপৰীতে এইবাৰৰ অধিৱেশনত বৰাক-ব্ৰক্ষ্মপুত্ৰৰ বৃহৎ সংখ্যক সাংবাদিকে বহুদিনৰ মূৰত অংশ ল'লে।

প্ৰভাৱশালী মন্ত্ৰীৰ এলেকাত হোৱাৰ বাবেই সম্ভৱতঃ অতি চৌখিন আৰু চিকুন আছিল শুৱালকুছিৰ সাহিত্য সভাৰ অধিৱেশন। শৃংখলাৱদ্ধতাৰ মাজেৰেই সকলো সম্পাদিত হৈছিল। বস্ত্ৰ নগৰী শুৱালকুছিৰ বাট-পথ বহল কৰাই নহয়, পাট-মুগা শিল্পীসকলক অৰ্থনৈতিকভাৱে লাভৱান কৰাৰ এক ইতিবাচক পৰিকল্পনাও যে ইয়াৰ মাজত আছিল সেয়া অস্বীকাৰ কৰিব নোৱাৰি। নিমন্ত্ৰণী পত্ৰ, স্মৃতিগ্ৰন্থ আৰু প্ৰাক্তন সভাপতিসকলক নিমন্ত্ৰণত অজস্ৰ ভুল কৰাৰ পিচতো ৰাজহুৱাকৈ ইয়াৰ বাবে ক্ষমা বিচৰা পৰমানন্দ ৰাজবংশীৰ লগতে পৰ্দাৰ আঁৰত থাকিহে এইখিনি কৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ধন্যবাদৰ পাত্ৰ। অৱশ্যে অসম সাহিত্য সভাৰ পৰৱৰ্তী সময়ৰ কাৰ্য-কলাপ কিমান দূৰলৈ ৰাজনীতি তথা আসোঁৱাহ মুক্তভাৱে আগবাঢ়ি পূৰ্বৰ গৰিমামণ্ডিত স্থানত এই অনুষ্ঠানক পুনৰ সংস্থাপিত কৰিব পাৰিব সেয়া নৱ নিৰ্বাচিত সভাপতি, সু-সাহিত্যিক তথা প্ৰাক্তন আৰক্ষী প্ৰশাসনৰ মুৰব্বী কুলধৰ শইকীয়াৰ দক্ষতা, দৃঢ়তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব। সেয়ে হ'লেও শুৱালকুছি অধিৱেশনে ক্ষীণ আশাৰ ৰেঙণি এটা দেখুৱাইছে। যাক বছৰটোৰ আন এক ঘটনা বুলিয়ে লব পাৰি।

বোকাখাতত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ উপস্থিতি জাতীয় সংগঠনটোৰ স্বকীয়তা আৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনৰ পৰিপন্থী বুলিয়ে সকলোৱে বিবেচনা কৰে। এই কথাও সঁচা যে, চৰকাৰৰ সহায় অবিহনে বৃহৎ একোটা অনুস্থানৰ সদূৰপ্ৰসাৰী পৰিকল্পনা বাস্তৱায়িত হোৱাতো কষ্টকৰ। কিন্তু নতুন প্ৰজন্মৰ বৃহৎ শক্তিৰে শক্তিশালী এই জাতীয় অনুষ্ঠানটো গুৰুজনাৰ দৰ্শনেৰেহে বিকশিত হ'ব লাগিব। মুখ্যমন্ত্ৰী সভালৈ গৈ ১০০ কোটি অনুদান দিব বুলি কৰা ঘোষনা আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে ৩০০ বিঘা ভূমি আৱন্টনৰ প্ৰতিশ্ৰুতি নিশ্চয় এনে এক বৃহৎ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ পুৰষ্কাৰ হ'ব নোৱাৰে। এয়া চৰকাৰৰ নৈতিক দায়িত্ব।

ইতিপূৰ্বেও বিত্তমন্ত্ৰীয়ে ১৫৫ কোটি টকা বটদ্ৰৱা থান আৰু বিশ্ববিদ্যালয়ৰ বাবে ধাৰ্য কৰা বুলি বাজেট অধিৱেশনত ঘোষণা কৰিছিল যদিও সেয়া বাস্তৱত পৰিণত হোৱা নাই। তথাপি বিশ্ববিদ্যালয়খনলৈ ভূমি আৱন্টন, ১০০ কোটি টকাৰ অনুদানৰ ঘোষণা সংঘৰ অনুগামী সকলৰ বাবেই নহয়, অসমৰ জনসাধাৰণেও ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰা উচিত। পিছে কেৱল অধিৱেশনৰ বাবে যুৱ শক্তিক কৃষি কাৰ্যত লগোৱাৰ পৰিৱৰ্তে সংঘই পৰিকল্পিতভাৱে যদিহে ৰাজ্যখনৰ সমূহ প্ৰাথমিকক গুৰুজনাৰ 'আগে চাউল কথা, পিছে হৰি কথা' এই বাণীপে উদ্ভদ্ধ কৰাই উৎপাদনী কাৰ্যত নিয়োজিত কৰিব পাৰে, তেনেহলে নিশ্চিতভাৱেই গ্ৰাম্য অৰ্থনীতিত এক বিল্পৱৰ সূচনা হ'ব। বৰ্তমানে চলি থকা সাংস্কৃতিক চৰ্চাৰ লগতে কৃষি-কৰ্মৰ সংযোজনে সংঘকো শক্তিশালী আৰু স্ব-নিৰ্ভৰশীল কৰিব। অসমৰ ৰাইজে সংঘৰ বৃহৎ শক্তিক অনুধাৱন কৰিলেও হাতীয়ে নিজৰ গাটো নেদেখাৰ দৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মকতাইও এই শক্তিক হয়তো সঠিকভাৱে মূল্যায়ন কৰিব পৰা নাই। তথাপিও ৰাইজে আশা কৰে, বোকাখাতৰ অধিৱেশনত বহু কিঃমিঃ জোৰা বিশাল সমদলৰ এই সংস্কৃতিৱান শৃংখলিত যাত্ৰা অহা সময়তো অবিৰতভাৱে অব্যাহত থাকিব।

মাজুলীত ২৮ খন ভাওনাৰ অভিনয়ৰে অনুষ্ঠিত হৈ গ'ল ভাওনা মহোৎসৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অসংখ্য ডেকা-বু়ঢ়া ভকত আৰু সংস্কৃতিৱান লোকে ইয়াত সহযোগ কৰিলে। ৰাজনৈতিক নেতা বা প্ৰভাৱশালী ব্যক্তিৰ পৰিৱৰ্তে ডেৰ হাজাৰ লোকে ভোৰতাল বজাই কৰা নাম-কীৰ্তনৰ জৰিড়তে এই মহোৎসৱ উদ্বোধন কৰা হ'ল। ইয়াৰ মাজেৰে শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক দৰ্শনৰ সমান্তৰালভাৱে হৰিনাম কীৰ্তন, অংকীয়া নাটৰ অভিনয়ৰ মাজেৰে গুৰুজনাৰ অমৰ সৃষ্টিৰাজি নতুন চামৰ জৰিয়তে বিকশিত কৰাৰ এক বিজ্ঞানসন্মত অনুশীলনো চলোৱা হ'ল। এয়াও নিশ্চিতভাৱেই বছৰটোৰ আৰম্ভণিতে এক আশাব্যঞ্জক পদক্ষেপ।

বীৰ চিলাৰায়ৰ স্মৃতিচাৰণ, বাথৌ উৎসৱক চৰকাৰীভাৱে উদযাপনৰ দিনৰূপে কৰা ঘোষণা স্তিমিত হৈ পৰা মে ডাম মে ফি, এইবাৰ পুনৰ নতুন উৎসাহেৰে উদযাপন, কাৰ্বি যুৱ মহোৎসৱক নতুনকৈ সৱল কৰি তোলাৰ প্ৰচেষ্টাৰ লগতে তাৰালাংচুত শিল কাটিয়ে স্থাপত্য কলাৰ অনুশীলন আৰম্ভ কৰা বীৰেন সিংহলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰদান কৰিবলৈ লোৱা ডক্টৰেট ডিগ্ৰীৰ খবৰ আদিও নতুন বছৰত নতুন আশাৰ খবৰ।

ক্ষোভৰ জুঁই বুকুত লৈয়েই এইবাৰ অসমীয়াই ভোগালী পালিছে। প্ৰতিবাদৰ বাবেও হ'লেও গাঁৱে গাঁৱে পুনৰ ভোগালী বিহুত মেজি, ভেলা ঘৰ নিৰ্মাণ হৈছে। কা'ৰ প্ৰতীকি দাহ কৰা আন্দোলনৰ কাৰ্যসূচী হ'লেও বিহুৰ পুৱা জুইৰ উত্তাপত পুনৰ গাঁৱে গাঁৱে একগোট হৈছে প্ৰতিখন গাঁৱৰ ডেকা-ডেকেৰী, বুঢ়া-মেথা সকলো। এয়াও আশাৰেই খবৰ। ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিলে জাতিটোক দুৰ্বল কৰাৰ শক্তি কাৰো নহ'ব….

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in