সাহিত্য সভাক বদনামী কৰাৰ আঁৰত কোন...

মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনত দেওবাৰে সংঘটিত কৰ্মকাণ্ডক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সচেতন মহল। উল্লেখযোগ্য যে, এই অধিবেশনৰ

author-image
Asomiya Pratidin
New Update
new ap web 2.jpg (3)

ডিজিটেল ডেস্কঃ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনত দেওবাৰে সংঘটিত কৰ্মকাণ্ডক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সচেতন মহল। উল্লেখযোগ্য যে, এই অধিবেশনৰ উপলক্ষে দেওবাৰে অনুষ্ঠিত হৈছিল প্ৰতিনিধি সভা। 

কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজিত অসম সাহিত্য সভাৰ এই প্ৰতিনিধি সভাত একাংশ প্ৰতিনিধিয়ে সকলো সীমা অতিক্ৰম কৰি সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীক চৰম অপমান কৰে।

সাহিত্য সভাৰ এলানি সংস্কাৰ আৰু কৰ্মমুখী আচঁনিৰে জাতীয় সংগঠনটোক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে সভাপতি ড০ গোস্বামীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আনহাতে, সভাৰ ভিতৰচ’ৰাত থকা অনিয়ম দুৰ্নীতি নিৰ্মূল কৰিবৰ বাবে ড০ গোস্বামীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই এচাম লোক তেওঁৰ বিৰুদ্ধে স্বোচ্ছাৰ হৈ পৰিছে।

সাহিত্য সভাৰ সংবিধানত থকা আসোৱাঁহ সমূহ আতঁৰ কৰিবলৈ সংবিধান সংশোধনৰ প্ৰস্তাৱ উত্থাপন কৰিছিল সভাপতি গৰাকীয়ে। এই অনুসৰি, মুলতঃ অসম সাহিত্য় সভাৰ সভাপতিক নিৰ্বাচনৰ সলনি মনোনীত কৰা, সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক তথা সভাপতিৰ কাৰ্যকাল ৩বছৰ কৰাৰ প্ৰস্তাৱ এই প্ৰতিনিধি সভাত উত্থাপন কৰোতেই উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰে। 

পূৰ্বতেও সাহিত্য সভাৰ ভিতৰত এই চক্ৰটোৱে এনে উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰি লবী গঢ়ি তোলাৰ নজিৰ আছে। বৰ্তমানৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ ক্ষেত্ৰতো অনুৰূপ ষড়যন্ত্ৰৰে চক্ৰটোৱে তেওঁৰ কাম-কাজক বাধা দিয়াৰ অপচেষ্টা কৰি আহিছে।

অসমীয়া প্ৰতিদিন ডিজিটেলক এই সন্দৰ্ভত সাহিত্য সভাৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, সভাৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ সমীপত নিৰ্মাণ কৰা এটা ভৱন, কেন্টিনৰ আৱন্টন আদি বিষয়বোৰক লৈ স্বচ্ছতা ৰক্ষাৰ বাবে গোস্বামীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। 

ইয়াৰ উপৰিও শদিয়াৰ পৰা ধুবুৰীৰ লৈকে ঘূৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন, নাট্য, সংবাদ সাহিত্য আদিৰ উত্তৰণ, অনুবাদ কৰ্মৰ প্ৰতি আগ্ৰহ সৃষ্টি, অসমীয়া সাহিত্যৰ মহীৰূহসকলৰ স্মৃতিত বিভিন্ন কাম কৰিবলৈ তেখেতে লোৱা ইতিবাচক ভূমিকাই এই চক্ৰটোৰ টোপনি হৰিছে। 

অসম সাহিত্য সভা