/asomiyapratidin/media/media_files/2025/08/13/djjjd-2025-08-13-12-53-28.jpg)
ডিজিটেল ডেস্কঃ বিপদ বাঢ়িছে অলিম্পিয়ান সুশীল কুমাৰৰ। সাগৰ ধনকড় হত্যাৰ গোচৰত উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ খেলুৱৈগৰাকীক এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, উচ্চ ন্য়ায়ালয়ত খেলুৱৈগৰাকীয়ে জামিল লাভ কৰাৰ পাছত অলিম্পিয়ান সুশীল কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সাগৰ ধনকড়ৰ পিতৃ অশোক ধনকড়ে।
ন্যায়াধীশ সঞ্জয় কৰোল আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰাই গ্ৰহণ কৰা শুনানিত এই ৰায় প্ৰদান কৰা হয়। এই ৰায়তে সুশীল কুমাৰক এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ কৰা প্ৰয়োজন একেটা গোচৰতে বৰ্তমান জামিন লাভ কৰি মুকলি আকাশৰ তলত আছে সুশীল কুমাৰ।
প্ৰণিধানযোগ্য যে, ২০২১ত ৪মে'ত দিল্লীৰ ছত্ৰশাল ষ্টেডিয়ামত পাৰ্কিঙত সাগৰ ধনকড়ত অতি বেয়াকৈ প্ৰহাৰ কৰিছিল সুশীল কুমাৰৰ নেতৃত্বত অহা এটা দলে।