২৫বছৰ বয়সত জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী অভিনেতাই...

এগৰাকী প্ৰতিভাৱান অভিনেতাৰ অকাল মৃত্যু। মাত্ৰ ২৫বছৰ বয়সতে জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰতিভাৱান এগৰাকী অভিনেতাই। জনপ্ৰিয় হিন্দী ৱেব চিৰিজ জামতাৰাত দেখা পোৱা মাৰাঠী অভিনেতা শচীন

author-image
Asomiya Pratidin
New Update
ujjjs

ডিজিটেল ডেস্কঃ এগৰাকী প্ৰতিভাৱান অভিনেতাৰ অকাল মৃত্যু। মাত্ৰ ২৫বছৰ বয়সতে জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰতিভাৱান এগৰাকী অভিনেতাই। জনপ্ৰিয় হিন্দী ৱেব চিৰিজ জামতাৰাত দেখা পোৱা মাৰাঠী অভিনেতা শচীন চন্দৱাদেৰ আত্মহত্যাৰ খবৰে মৰ্মাহত কৰিছে মাৰাঠী ছবিজগতত। 

নিজৰ ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেতা গৰাকীৰ নশ্বৰদেহ।  জলগাঁওৰ পৰোলা জিলাত জন্মগ্ৰহণ কৰা তেওঁ পুনেৰ IT পাৰ্কত ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ ৰূপত কৰ্মৰত আছিল। শচীন শিশুকালৰ পৰাই অভিনয়ৰ প্ৰতি উৎসাহী আছিল আৰু তেওঁৰ নতুন মাৰাঠী চিনেমা 'অসুৰভান' মুক্তিৰ বাবে সাজু হৈ আছিল।

মহাৰাষ্ট্ৰ টাইমচৰ অনুসৰি, শচীনক ২৩ অক্টোবৰ তাৰিখে তেওঁৰ জলগাঁও বাসগৃহত মুৰ্মূষ অৱস্থাত পোৱা গৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁক তেওঁক হাস্পতাললৈ নিছিল যদিও চিকিতসকে তেওঁক মৃত ঘোষণা কৰে।  

43fb6ac2-1e56-4699-88fd-de4698e13316

অভিনেতা