২০২৬ চনৰ ১৮ নৱেম্বৰত ৰাজধানী দিল্লীত জুবিন গাৰ্গৰ নামত প্ৰদান কৰিব বিশেষ বঁটা

২০২৬ চনৰ ১৮ নৱেম্বৰত ৰাজধানী দিল্লীত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত প্ৰদান কৰিব এক বিশেষ বঁটা।

author-image
Asomiya Pratidin
New Update
AP WEB zubeen (1)

ডিডিটেল সংবাদ,গুৱাহাটীঃ আজি জুবিনৰ জন্মদিন । এই বিশেষ দিনটোতে গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ।"চাউথ এচিয়া ক্লাইমেট চেঞ্জ জাৰ্ণেলিষ্ট ফ'ৰাম (ইণ্ডিয়া) " শাখাই জুবিন গাৰ্গৰ স্মৃতিত ওপজা দিনত প্ৰতি বছৰে প্ৰদান কৰিব "জুবিন গাৰ্গ ৰাষ্ট্ৰীয় সাংবাদিকতা বঁটা" ৷ ২০২৬ চনৰ ১৮ নৱেম্বৰত ৰাজধানী দিল্লীত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত প্ৰদান কৰা হ'ব এই বঁটা ৷ 

তাৰোপৰি পৰিবেশ সম্পৰ্কীয় বাতৰিৰ বাবে প্ৰদান কৰা হ'ব এই বঁটা ৷ দেশৰ ছপা, ইলেট্ৰনিক, অঁনাতাৰ আৰু ডিজিটেল মাধ্যমৰ সাংবাদিকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হ'ব ৷ প্ৰতি বছৰে জুৰীয়ে নিৰ্বাচিত কৰিব এগৰাকীকৈ সাংবাদিকক এই বঁটাৰ বাবে। 

উল্লেখ্য যে এই বঁটাৰ লগত থাকিব ১ লাখ টকাৰ নগদ পুৰস্কাৰ ৷ নতুন দিল্লীত জুবিন গাৰ্গৰ ওপজা দিনটোত এই ঘোষণা কৰে চাউথ এচিয়া ক্লাইমেট চেঞ্জ জাৰ্ণেলিষ্ট ফ'ৰাম (ইণ্ডিয়া) " শাখাৰ সভাপতি আশিষ গুপ্ত আৰু কায্যবাহী সদস্য কল্লোল ভৌমিকে জুবিন গাৰ্গৰ পৰিবেশ সংৰক্ষণৰ প্ৰতি থকা হেঁপাহক সন্মান জনাই এই পদক্ষেপ চাউথ এচিয়া ক্লাইমেট চেঞ্জ জাৰ্ণেলিষ্ট ফ'ৰাম (ইণ্ডিয়া) " শাখাৰ ৷

জুবিন গাৰ্গ