সৱৰিমালা মন্দিৰক লৈ ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতি, মহিলা সাংবাদিকক আক্ৰমণ, চাওক VIDEO

সৱৰিমালা মন্দিৰক লৈ ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতি, মহিলা সাংবাদিকক আক্ৰমণ, চাওক VIDEO

author-image
asomiyapratidin
New Update
সৱৰিমালা মন্দিৰক লৈ ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতি, মহিলা সাংবাদিকক আক্ৰমণ, চাওক VIDEO

ডিজিটেল ডেস্কঃ কেৰালাৰ সৱৰিমালা মন্দিৰক লৈ অব্যাহত আছে প্ৰতিবাদৰ। বুধবাৰে সৱৰিমালা মন্দিৰৰ পৰম্পৰা ৰক্ষাৰ প্ৰতিবাদ জনাই ৰাজপথলৈ ওলাই অহা স্থানীয় লোকসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

Advertisment

বুধবাৰে প্ৰতিবাদকাৰীসকলে কেইবাগৰাকীও সাংবাদিক আৰু আৰক্ষীক আক্ৰমণ কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে। ইন্ডিয়া টুডে'ৰ সাংবাদিক মৌচুমি সিঙক প্ৰতিবাদকাৰীসকলে নিলাক্কল বেচ কেম্পত আক্ৰমণ কৰে।


— ANI (@ANI) October 17, 2018

ইফালে এ এন আইৰ এগৰাকী সাংবাদিকে প্ৰতিবাদকাৰীসকলৰ ভিডিঅ' বনোৱাৰ অপৰাধত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে সাংবাদিকগৰাকীৰ মোবাইল ফোন ভঙাৰ লগতে বহু সময় আটক কৰি ৰাখে।


— ANI (@ANI) October 17, 2018

ৰাজ্যখনৰ পথনামঠিট্টাতো প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰাৰ লগতে এগৰাকী মহিলা সাংবাদিকৰ বাহনত আক্ৰমণ চলায়। এই ঘটনাৰ পিছতে আৰক্ষীয়ে লাঠি চাৰ্জ চলাই প্ৰতিবাদকাৰীসকলক চত্ৰভংগ দিয়াবলৈ চেষ্টা চলায়।


— ANI (@ANI) October 17, 2018

আনহাতে সন্ধিয়া ৫ বজাত সৱৰিমালা মন্দিৰৰ দ্বাৰ মুকলি হোৱাৰ পিছতে মন্দিৰত পূৰ্জা অৰ্চনা কৰিবলৈ ভক্তৰ লানি নিচিগা সোত বয়। নিশা ১০.৩০ বজালৈ চলিবলগীয়া পূজাৰ সময়ত ভক্তসকল যাতে কোনো বিক্ষিপ্ত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে অধিক পৰিমাণে নিৰাপত্তাৰক্ষী মোতায়েম কৰা হৈছে।


— ANI (@ANI) October 17, 2018

ইফালে ৰাজ্যখনৰ নিলাক্কল, পাম্পা, চান্নিধানম আৰু এলভুনগাত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি প্ৰশাসনে ১৪৪ নং ধাৰা জাৰি কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাজ্য প্ৰশাসনে।