নাম নোলোৱাকৈ ট্ৰাম্পলৈ শক্তিশালী বাৰ্তা এছ জয়শংকৰৰ...

ব্যৱসায় সদায় সহজ কৰি তুলিব লাগে। দেশসমূহে নিজৰ অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী কৰাৰ লগতে বিশ্ব বাণিজ্য, বিনিয়োগ আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাটো প্ৰয়োজন।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ব্ৰিকছ সন্মিলনৰ জৰুৰী বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাও এই বৈঠকত অংশগ্ৰহণ কৰে।

আজিৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নাম নোলোৱাকৈ ড০ এছ জয়শংকৰে কয় যে, বাধা উত্থাপন কৰি লেনদেন কঠিন কৰি তোলাটো কোনো ইতিবাচক দিশ নহয়। ব্যৱসায় সদায় সহজভাৱে গঢ়ি তুলিব লাগে। 

তেওঁ লগতে কয়, দেশসমূহে নিজৰ অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী কৰাৰ লগতে বিশ্ব বাণিজ্য, বিনিয়োগ আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাটো প্ৰয়োজন। ব্ৰিকছে নিজৰ সদস্য দেশসমূহৰ মাজত বাণিজ্যিক প্ৰবাহৰ পৰ্যালোচনা কৰি আদৰ্শ দাঙি ধৰিব পাৰে। 

বৈঠকত মন্ত্ৰী এছ জয়শংকৰে বিশ্ববাসীক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি প্ৰকৃত চিন্তাৰ কাৰণ হৈ পৰিছে। বিভিন্ন বিশ্বজনীন প্ৰত্যাহ্বানৰ সন্মুখত বহুপক্ষীয় ব্যৱস্থাটো যেন ব্যৰ্থ হৈছে। বিশ্বব্যাপী বাণিজ্য ব্যৱস্থাটো মুকলি, বৈষম্যহীন দৃষ্টিভংগীৰ নীতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিব লাগে। ভাৰতৰ মতে ইয়াক সুৰক্ষিত কৰা উচিত।

এছ জয়শংকৰ