/asomiyapratidin/media/media_files/2025/12/07/426-2025-12-07-10-42-54.jpg)
ডিজিটেল ডেস্ক : শ্বেইখ হাছিনা ভাৰতত আশ্ৰয় লৈ থকাটো তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত। সময় আৰু পৰিস্থিতিয়ে তেওঁক ভাৰতত আশ্ৰয় লৈ থাকিবলৈ বাধ্য কৰাইছে । - এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰৰ।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰক হাছিনা কিমান দিনলৈ ভাৰতত থাকিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ এনেদৰে মন্তব্য কৰে। জয়শংকৰে কয় যে, হাছিনা ভাৰতত থকাৰ বিষয়টো এটা সুকীয়া বিষয়। এটা বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈ শ্বেইখ হাছিনাই ভাৰতত প্ৰৱেশ কৰিছিল আৰু আজি পৰ্যন্ত তেওঁ ইয়াতেই আশ্ৰয় লৈ আছে।
সময় আৰু পৰিস্থিতিৰ তাগিদাতহে তেওঁ ভাৰতত আছে। গতিকে তেওঁ ভাৰতত কিমান দিন থাকে বা নাথাকে সেয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত বুলি কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰে জানিবলৈ দিয়ে।
প্ৰণিধানযোগ্য যে, বাংলাদেশত জনৰোষৰ বলি হৈ দেশ এৰি পলায়ন কৰিব লগা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। বাংলাদেশৰ পৰা পলায়ন কৰা হাছিনাই কেইবা মাহ ধৰি ভাৰততে আশ্ৰয় লৈ আছে। ভাৰতত আশ্ৰয় লৈ থকা ৭৮ বছৰীয়া হাছিনাক ইতিমধ্যে বাংলাদেশৰ বিশেষ ন্যাধিকৰণে মৃত্যুদণ্ড পৰ্যান্ত শাস্তি ঘোষণা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us