ট্ৰাম্পে আনিব নোৱাৰে শান্তি! আলোচনাৰ দুঘন্টাৰ পাছতে ইউক্ৰেইনত বোমা পেলালে ৰাছিয়াই...

ট্ৰাম্পৰ ওচৰলৈ আলোচনাৰ বাবে আহিলে সন্মুখত সকলো কথাৰ বাবে সন্মতি প্ৰদান কৰে ৰাছিয়া আৰু ইউক্ৰেইনে। কিন্তু পুনৰ দেশলৈ উভতি গৈ এখন দেশে আনখন দেশৰ ওপৰত যুদ্ধংদেহী মনোভাৱেৰে আৰম্ভ

author-image
Asomiya Pratidin
New Update
HHHHHCV

ডিজিটেল ডেস্কঃ ট্ৰাম্পৰ ওচৰলৈ আলোচনাৰ বাবে আহিলে সন্মুখত সকলো কথাৰ বাবে সন্মতি প্ৰদান কৰে ৰাছিয়া আৰু ইউক্ৰেইনে। কিন্তু পুনৰ দেশলৈ উভতি গৈ এখন দেশে আনখন দেশৰ ওপৰত যুদ্ধংদেহী মনোভাৱেৰে আৰম্ভ কৰে আক্ৰমণ। কেইবালানি আলোচনাৰ পিছত সেই একেটা কামকেই কৰি আছে দুয়োখন দেশে।

Advertisment

যোৱা দুদিনৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে পৃথকে পৃথকে আলোচনাত বহিছিল জেলেনস্কী আৰু পুটিন। যুদ্ধ বিৰতিক লৈ দুয়োগৰাকী নেতাই ট্ৰাম্পৰ সন্মুখত যোগাত্মক ইংগিত প্ৰদান কৰি গৈছিল। কিন্তু পুটিনৰ পাছতে জেলেনস্কীৰ সৈতে ট্ৰাম্প বৈঠকত বহা প্ৰায় দুঘন্টাৰ পাছতে ইউক্ৰেইনত বোমাৰে আক্ৰমণ কৰিলে ৰাছিয়াই।

ইউক্ৰেইনে সদৰি কৰিছে যে, বিগত এমাহৰ ভিতৰত সৰু-বৰ বহুকেইটা আক্ৰমণ কৰিছে ৰাছিয়াই। কিন্তু শেহতীয়া এই আক্ৰমণ আছিল সবাতোকৈ ভয়ংকৰ। ২৭০টা ড্ৰোণ, ১০টা ক্ষেপনাস্ত্ৰৰে এই আক্ৰমণ কৰিছিল ৰাছিয়াই। এই আক্ৰমণত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে পূব-মধ্য ইউক্ৰেইন।

ইউক্ৰইনৰ একমাত্ৰ তেল শোধনাগাৰটোতো বাৰে বাৰে আক্ৰমণৰ চেষ্টা চলাই আছে ৰাছিয়াই। ৰাছিয়াৰ এই আক্ৰমণৰ পাছতে ইউক্ৰেইনে তীব্ৰ গৰিহণা প্ৰদান কৰি কয় যে, আলোচনা চলি থকাৰ সময়ত এনে আক্ৰমণ যুদ্ধিসংগত নহয়। এয়া কা পুৰুষেহে কৰিব পাৰে। 

ভ্লাদিমিৰ পুটিন