আমেৰিকা কিছু ক্ষেত্ৰত সচেতন হোৱা উচিতঃ ইৰাণক লৈ ট্ৰাম্পৰ স্থিতিক কঠোৰ সমালোচনা ৰাছিয়াৰ...

ইৰাণৰ পৰিস্থিতি ক্ৰমান্বয়ে অধিক অৱনতি ঘটিছে। শ শ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে বিগত দিনকেইটাত। ইৰাণৰ নেতা আয়াতুল্লাহ আলী খামেনেইৰ বিৰুদ্ধে চলি থকা

author-image
Asomiya Pratidin
New Update
ijjdd

ডিজিটেল ডেস্কঃ ইৰাণৰ পৰিস্থিতি ক্ৰমান্বয়ে অধিক অৱনতি ঘটিছে। শ শ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে বিগত দিনকেইটাত। ইৰাণৰ নেতা আয়াতুল্লাহ আলী খামেনেইৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলি সমৰ্থন জনাইছে প্ৰতিবাদকাৰীসকলক।

শেহতীয়াকৈ ট্ৰাম্পে প্ৰতিবাদকাৰীসকলক প্ৰতিবাদ অব্যাহত ৰখাৰ বাবে উচতনি প্ৰদান কৰি কয় যে. ইৰাণৰ দেশ প্ৰেমিকসকল, প্ৰতিবাদ অব্যাহত ৰাখক। আপোনালোকৰ সহায়ৰ বাবে আমি সদায়েই প্ৰস্তুত।  ইৰাণৰ আভ্যন্তৰীণ ৰাজনীতিত আমেৰিকাৰ এনে স্থিতিক গৰিহণা প্ৰদান কৰিছে ৰাছিয়াই। 

ৰাছিয়াই আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে,  ইৰাণৰ বিৰুদ্ধে নতুন সামৰিক আক্ৰমণৰ ভাবুকি সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ইয়াৰ দ্বাৰা বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত হ’ব পৰা বিধ্বংসী পৰিণতিৰ বিষয়ে আমেৰিকাই সচেতন হোৱা উচিত।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে,  ২০২৫ চনৰ জুন মাহত ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ পুনৰাবৃত্তিৰ অজুহাত হিচাপে অশান্তিৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰাসকলে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু বিশ্ব আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এনে কাৰ্য্যৰ বিপৰ্যয়জনক পৰিণতিৰ বিষয়ে সচেতন হোৱা উচিত।

উল্লেখ্য যে,  ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদৰ দমনৰ পিছত প্ৰায় ২০০০ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ইফালে, ট্ৰাম্পে উল্লেখ কৰে যে প্ৰতিবাদকাৰীৰ হত্যা বন্ধ নোহোৱালৈকে ইৰাণৰ বিষয়াসকলৰ সৈতে হোৱা সকলো আলোচনা স্থগিত ৰাখিছে।

ভ্লাদিমিৰ পুটিন