ৰাছিয়াত তেজপুৰ বিশ্ববিদ্যালয় আৰু ভাৰতীয় কূটনৈতিক দলৰ যৌথ শিক্ষামূলক পদক্ষেপ...

ভাৰত আৰু ৰাছিয়াৰ মাজত শিক্ষামূলক সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ এটি দলে ভ্লাডিভ’ষ্টকত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

author-image
Tushar Pratim
New Update
ৰাছিয়াত তেজপুৰ বিশ্ববিদ্যালয় আৰু ভাৰতীয় কূটনৈতিক দলৰ যৌথ শিক্ষামূলক পদক্ষেপ...

ডিজিটেল সংবাদ, তেজপুৰঃ ভাৰত আৰু ৰাছিয়াৰ মাজত শিক্ষামূলক সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ এটি দলে ভ্লাডিভ’ষ্টকত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। সেই অনুসৰি ৩ ৰ পৰা ৬ ছেপ্টেম্বৰত পূৱ অৰ্থনৈতিক মঞ্চৰ উদ্যোগত আয়োজিত হোৱা এই অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিং আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক পৰিচালক অধ্যাপক শুভ্ৰাংশু সৰকাৰৰ নেতৃত্বতে বৈঠকখন অনুষ্ঠিত হয়। 

এইক্ষেত্ৰত তেওঁলোকে মস্কোস্থিত ভাৰতীয় দূতাবাসৰ উপ-সঞ্চালক নিখিলেশ গিৰি আৰু ভ্লাডিভ’ষ্টকস্থিত ভাৰতীয় দূতাবাসৰ জেনেৰেল সিদ্ধাৰ্থ গৌৰৱৰ সৈতে সাক্ষাৎ কৰে। উভয় দেশৰ জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত হোৱা এই বৈঠকত ভৱিষ্যতৰ ভাৰত-ৰাছিয়া শিক্ষামূলক সহযোজিতাৰ দিশত এক সুস্থিৰ, শক্তিশালী পৰিকল্পনা গ্ৰহণ কৰা হয়। 

অধ্যাপক সিঙে বৈঠকৰ শেষত সংবাদমাধ্যমক জনাই যে, আলোচনাৰ কেন্দ্ৰবিন্দু আছিল ভৱিষ্যতৰ শিক্ষাৰ বাবে কৌশলগত নীতি-নিয়ন্ত্ৰণত ভাৰত-ৰাছিয়াৰ এক যৌথ চিন্তাশীল মঞ্চ গঠন। তদুপৰি এই মঞ্চ কেৱল বিদ্যায়তনিক সহযোগিতাতেই সীমাবদ্ধ নহয়, এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে শিক্ষামূলক কৌশলগত দিশ নিৰ্ধাৰণৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। 

ইয়াৰ জৰিয়তে দুয়ো দেশৰ শিক্ষাগত অভিজ্ঞতা আৰু বৈজ্ঞানিক বিষয়ত জ্ঞান বিনিময় হ’ব। লগতে বিমান ইঞ্জিনিয়াৰিং শক্তি, তেল-গেছ, পৰিৱেশ, ডিজিটেল পৰিৱৰ্তন আদিৰ ক্ষেত্ৰত যৌথ গৱেষণা আৰু উদ্ভাৱনৰ দিশত এক নতুন দিগন্ত উন্মোচন হ’ব। 

এই সন্দৰ্ভত মস্কো আৰু ভ্লাডিভ’ষ্টকস্থিত ভাৰতীয় দূতাবাস আৰু কূটনৈতীকবিদে এই পদক্ষেপক দৃঢ় সমৰ্থন জনাইছে। তেওঁলোকৰ মতে, এই চিন্তাশীল মঞ্চই অঞ্চলটোৰ বাবে এক কৌশলগত শিক্ষামূলক পৰিকল্পনাত নতুন দিশ প্ৰদান কৰিব। 

ইয়াৰোপৰি পূব অৰ্থনৈতিক মঞ্চৰ উদ্যোগত ৰাছিয়াৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে কৰা সহযোগিতাৰ এই পৰিকল্পনা শক্তিশালী কৰাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি কনচুলেটৰ পক্ষৰ পৰা উল্লেখ কৰিছে।

তেজপুৰ তেজপুৰ বিশ্ববিদ্যালয়