/asomiyapratidin/media/media_files/2025/10/28/yjjjjdd-2025-10-28-12-19-29.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ সৈতে কাম নকৰে ৰাছিয়াই। যোৱা সোমবাৰে (২৭ অক্টোবৰ) ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি আমেৰিকাক স্তম্ভিত কৰি তুলিছে। তেওঁ আমেৰিকাৰ সৈতে হোৱা প্লুটনিয়াম চুক্তি বাতিল কৰে।
এই চুক্তিৰ অৰ্থ আছিল যে দুয়োপক্ষই একলগে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব, কিন্তু পুটিনে এতিয়া এই চুক্তি ভংগ কৰিছে। বিগত যথেষ্ট দিন ধৰি ৰাছিয়াৰ বিৰুদ্ধে মাত মাতি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ ভাৰতক ৰাছিয়াৰ বিৰুদ্ধে বাণিজ্যিক চুক্তি বাতিল কৰিবলৈও হেচাঁ দি আহিছে।
কেইবামাহো ধৰি আমেৰিকা আৰু ৰাছিয়াৰ মাজত শীতল যুদ্ধ অব্যাহত আছে। এএনআইৰ এক প্ৰতিবেদন অনুসৰি এতিয়া পুটিনে ট্ৰাম্পৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। পুটিনে স্বাক্ষৰ কৰা এই আইনখন চলিত মাহৰ আৰম্ভণিতে ৰাছিয়াৰ সংসদে অনুমোদন জনাইছিল।
ইয়াৰ উপৰিও মন কৰিবলগীয়া যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দীৰ্ঘদিন ধৰি যুদ্ধ চলি আছে, আৰু আমেৰিকাকে ধৰি আন কেইবাখনো দেশেও ইউক্ৰেইনৰ পক্ষ লৈছে। ফলস্বৰূপে পুটিনে পাৰমাণৱিক বাহিনীক সষ্টম কৰি ৰাখিছে। শেহতীয়াকৈ ৰাছিয়াই পাৰমাণৱিক চালিত বুৰেভেষ্টনিক ক্ৰুজ মিছাইলৰ সফলতাৰে পৰীক্ষা কৰাৰ সময়তে আমেৰিকাৰ সৈতে পুটিনে এই চুক্তি বাতিল কৰিছে। এই ক্ষেপণাস্ত্ৰ অতি মাৰাত্মক বুলি বিবেচিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us