/asomiyapratidin/media/media_files/2025/09/03/ujjj-2025-09-03-12-44-18.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-ৰাছিয়াৰ মাজত বৃদ্ধি পোৱা ঘনিষ্ঠতাই ইতিমধ্যে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। এই জ্বলা জুইত ঘিউ ঢলাৰ দৰে কাম কৰিলে ৰাছিয়াৰ এটা বিশেষ সিদ্ধান্তই। এতিয়াৰে পৰা ৰাছিয়াই কেৱল তেলেই নহয় ভাৰতক প্ৰদান কৰিব যাৱতীৱ যুদ্ধ সামগ্ৰীও।
প্ৰাৰম্ভিক পৰ্যায়ত ভাৰতক এয়াৰ ডিফেন্স চিষ্টেম এছ-৪০০ যিমান প্ৰয়োজন, সিমানখিনি প্ৰদান কৰিব ৰাছিয়াই। ভাৰতৰ বাবে এই দুৱাৰ মুকলি কৰিলে খোদ ৰাষ্ট্ৰপতি পুটিনে। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে যে, চীনত হোৱা পুটিন-মোডীৰ বাৰ্তালাপতেই এই দিশটোক লৈ আলোচনা হৈছিল।
ইফালে আমেৰিকাতকৈ কম দামত ৰাছিয়াৰ পৰা তেল ক্ৰয় আছে ভাৰতে। এতিয়াৰে পৰা আৰু কম মূল্যত ৰাছিয়াই ভাৰতক তেল যোগান ধৰিব বুলিও আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছে। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰত আৰু ৰাছিয়াৰ মাজত ২০১৮চনত ৫.৫ আৰৱ ডলাৰ এক চুক্তি স্বাক্ষৰিত হৈছিল। এই ধনেৰে ৰাছিয়াৰ পাৰ এয়াৰ ডিফেন্স চিষ্টেম ক্ৰয় কৰাৰ কথা আছিল। ইয়াৰে ৩টা চিষ্টেম ইতিমধ্যে লাভ কৰিছে ভাৰতে। বাকী দুটা চিষ্টেম ২০২৬ৰ ভিতৰত লাভ কৰিব বুলিও পুটিনে আশ্বাস দিয়ে মোডীক।
মুঠৰ ওপৰত এতিয়া ভাৰত-ৰাছিয়াৰ সম্পৰ্কই বহুতকে চিন্তাত পেলাইছে। ইয়াৰ ভিতৰত অন্যতম দেশ হৈছে আমেৰিকা আৰু পাকিস্তান। ভাৰত-ৰাছিয়াৰ এই ঘনিষ্ঠতাক লৈ ইতিমধ্যে মুকলিকৈ আক্ষেপ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।