পুটিন আহিব আজি ভাৰতলৈ...

দুদিনীয়া ভ্ৰমণসূচীৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত আজি ভাৰতলৈ আহিব  ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন।  ৪-৫ ডিচেম্বৰত ভাৰতত থাকিব পুটিন।  ভাৰতলৈ আহি কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথাও আছে

author-image
Asomiya Pratidin
New Update
putindd

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত আজি ভাৰতলৈ আহিব  ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন।  ৪-৫ ডিচেম্বৰত ভাৰতত থাকিব পুটিন।  ভাৰতলৈ আহি কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথাও আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

images

উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰায় ২১খন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছে। বিশেষকৈ সৈন্য বাহিনীৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণক লৈ দুয়োখন দেশে একেলগে বহু কাম কৰিছে। যোৱা বছৰতো ভাৰতৰ প্ৰধানমন্ত্ৰী মস্কোত উপস্থিত হৈ বহুকেইখন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল।

9ff2245d-b38d-4675-9cfd-94af2a5e20e3

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে ২০২১চনত পুটিন আহিছিল ভাৰতলৈ। এইবাৰৰ পুটিনৰ ভ্ৰমণে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, বাণিজ্য আৰু শক্তিৰ ক্ষেত্ৰত বহুকেইখন চু্ক্তি স্বাক্ষৰ হোৱা সম্ভাৱনা আছে। 

05a76242-7dbb-4245-9d64-f3e41734fa25

ভ্লাদিমিৰ পুটিন