মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালিকা ৰূপৰেখা বৰা আৰু নাই

গহপুৰ সমজিলাৰ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ইংৰাজী মাধ্যমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালিকা ৰূপৰেখা বৰা আৰু নাই।

author-image
Asomiya Pratidin
New Update
UHSDHSHDS

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমজিলাৰ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ইংৰাজী মাধ্যমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালিকা ৰূপৰেখা বৰা আৰু নাই। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ আই চিউত চিকিৎসাধীন অৱস্থাত সকলোকে শোকৰ সাগৰত বুৰাই মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰূপৰেখা বৰাই।

মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক, বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক ক্ষেত্ৰৰে জড়িত যাদৱ চলিহাৰ সহধৰ্মিনী ৰূপৰেখা বৰাৰ অকাল বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে গহপুৰ সমজিলাত। এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত দীৰ্ঘদিনৰে পৰা তেওঁক ব্যয়বহুল চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল তেওঁৰ জীৱন।

জীৱনৰ সুদীৰ্ঘ দিন শৈক্ষিক সেৱাৰে জড়িত হৈ অহা মৃদুভাষী ৰূপৰেখা বৰা আছিল সকলোৰে প্ৰিয়ভাজন।অধ্যয়নৰ প্ৰতি অধিক ৰাপ থকা ৰূপৰেখা বৰাই নিজকে এগৰাকী আদৰ্শ মাতৃ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। লেখা মেলাতো যথেষ্ট ৰাপ থকা ৰুপৰেখা বৰা এগৰাকী সুলেখিকা আৰু কবি হিচাপে প্ৰতিষ্ঠিত আছিল। মৃত্যুৰ সময়ত তেওঁ স্বামী যাদৱ চলিহাৰ লগতে দুগৰাকী পুত্ৰ,শাহু,দুগৰাকী দেওৰ,দুগৰাকী জা-জোৱালীৰ লগতে বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।

তেওঁৰ মৃত্যুত মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিয়ালবৰ্গ, গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু), গহপুৰ মহকুমা ছাত্র সন্থা, বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, বিশ্বনাথ জিলা সাহিত্য সভা, সুৰভি সাহিত্য সমাজ, চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভা,পঞ্চৰত্ন কবি চক্ৰ,পঞ্চৰত্ন অফচেট, ছয়দুৱাৰ ক্ৰীড়া সন্থা, ছয়দুৱাৰ মহাবিদ্যালয়, বাট থিয়েটাৰ, জেউতি শাখা মইনা পাৰিজাত, ছয়দুৱাৰ আঞ্চলিক মইনা পাৰিজাত, অনামী গোট,গহপুৰ মহকুমা অনুসূচিত জাতি ছাত্র সন্থা, বৰঙাবাৰী ব্যৱসায়ী সন্থা,মহাবাহু ফিছাৰিজ, কনকলতা আদৰ্শ ছোৱালী হাইস্কুল, মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, যাদৱ গোস্বামী জাতীয় বিশ্ববিদ্যালয়,বৰঙাবাৰী শংকৰদেৱ শিশু নিকেতন,ঘাঁহিগাঁও সাৰ্বজনীন ৰাস উৎযাপন সমিতি, ভূপেন হাজৰিকা ৰংগমঞ্চ পৰিচালনা সমিতি,গহপুৰ মহকুমা প্ৰেছ গীল্ডকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত,গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰা, গহপুৰ সমজিলাৰ প্ৰাক্তন আয়ুক্ত লুকুমণি বৰা, হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নমিতা বৰা, সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়া, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুত, স্বৰ্ণদল চিত্ৰবন শাখা সাহিত্য সভাৰ সভাপতি বীৰেণ কাথ হাজৰিকা, মৰ্ণিং ষ্টাৰ হাইস্কুলৰ অধ্যক্ষ দীনেশ কুমাৰ কেচি, গহপুৰ মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা ভাস্কৰ জ্যোতি ভূঞা, বিশিষ্ট সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকা, শংকৰলাল আগৰৱালা, সাহিত্যিক লোকেশ্বৰী সন্দিকৈ, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অঞ্জন কুমাৰ ওজা, কল্যাণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লখিমী বৰদলৈ প্ৰমুখ্যে বিভিন্ন জনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

গহপুৰ