/asomiyapratidin/media/media_files/2025/12/01/2-2025-12-01-12-29-33.jpg)
ডিজিটেল সংবাদ,নগাওঁঃ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিভিন্ন সময়ত বহুতো পথ দুৰ্ঘটনা সমঘটিত হৈছে। বহু লোকে এনেদৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছে। এইবাৰ ৰূপহীহাটৰ ফাকালি জ্ঞান বিকাশৰ ওচৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে এজন লোক আহত হয় ।
/asomiyapratidin/media/post_attachments/1d38a610-832.png)
উল্লেখ্য যে, ৰূপহীহাটৰ পৰা বালিকা অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় । ইপিনে দুৰ্ঘটনা সংঘটিত হোৱা মটৰ চাইকেল খনৰ নম্বৰ AS02AD4034। দুৰ্ঘটনাত নিহত লোক দুজন মেহেদি আলম, শাকিল আহমেদ বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত ৰাজদুল হক বৰ্তমান চিকিৎসাধীন হৈ আছে।
/asomiyapratidin/media/post_attachments/2f3f7887-122.png)
ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে বুলিও জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us