মঙলবাৰে চি আই ডিৰ কাৰ্যালয়লৈ আহিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতা

মঙলবাৰে গুৱাহাটীলৈ আহিব ছিংগাপুৰৰ প্রবাসী অসমীয়া ৰূপকমল কলিতা। আজি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে উল্লেখ কৰিছে। 

author-image
Asomiya Pratidin
New Update
RUPKAMAL 10

ডিজিটেল ডেস্কঃ মঙলবাৰে গুৱাহাটীলৈ আহিব ছিংগাপুৰৰ প্রবাসী অসমীয়া ৰূপকমল কলিতা। আজি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে উল্লেখ কৰিছে। 

তেওঁ কয়, ছিংগাপুৰৰ প্ৰবাসী ৰূপকমল কলিতাই চি আই ডিৰ বিশেষ তদন্তকাৰী গোটৰ সৈতে যোগাযোগ কৰিছে। তেওঁ মঙলবাৰে চি আই ডিৰ কাৰ্যালয়ত আহি উপস্থিত হ’ব আৰু ভাষ্য প্ৰদান কৰিব।  

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে ছিংগাপুৰৰ একাংশ প্ৰবাসী অসমীয়াৰো নাম জড়িত হৈ পৰিছে। টয় পাৰ্টিত উপস্থিত থকা প্ৰবাসী অসমীয়াসকলৰ বিৰুদ্ধে ৰাজ্যত ৰুজু হৈছে বহু কেইটা গোচৰ। 

মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলো এইদৰেই আহি বিশেষ তদন্তকাৰী গোটৰ সন্মুখত আহি হাজিৰ হ’ব বুলি আশা প্ৰকাশ কৰিছে। ইতিমধ্যে অন্যসকলকো আহিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে বুলি তেওঁ জনাইছে। 

ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত আৰু কয়, এছ আই টিয়ে ছিংগাপুৰত অকলেই তদন্ত কৰিব নোৱাৰে। নিশ্চিতভাৱে ছিংগাপুৰ আৰক্ষীয়েও তদন্তত সহযোগ কৰিব লাগিব। ইতিমধ্যে ইণ্টাৰপ’লৰ জৰিয়তে সহযোগিতাৰ কথা জনোৱা হৈছে। 

ড০ হিমন্ত বিশ্ব শৰ্মা চি আই ডি