সাহিত্যিক -অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপেন্দ্ৰ কুমাৰ কলিতা আৰু নাই

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাহিত্যিক, লেখক, এসময়ৰ অভিনেতা, প্ৰাক্তন সুদক্ষ ফুটবল খেলুৱৈ, সমাজকৰ্মী পলাশবাৰীৰ সানপাৰা নিবাসী ৰূপেন্দ্ৰ কুমাৰ কলিতা(৯২)ৰ শুকুবাৰে বিয়োগ ঘটে

author-image
Asomiya Pratidin
New Update
683

ডিজিটেল সংবাদ, মিৰ্জা : পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাহিত্যিক, লেখক, এসময়ৰ অভিনেতা, প্ৰাক্তন সুদক্ষ ফুটবল খেলুৱৈ, সমাজকৰ্মী পলাশবাৰীৰ সানপাৰা নিবাসী ৰূপেন্দ্ৰ কুমাৰ কলিতা(৯২)ৰ শুকুবাৰে বিয়োগ ঘটে। তেওঁৰ মৃত্যুত সানপাৰা কিশোৰ সংঘ, কিশোৰ সংঘৰ ৰূপেন্দ্ৰ কুমাৰ পুথিভঁৰাল, সানপাৰা ৰাইজ গয়ৰহ, সানপাৰা বুঢ়া নামঘৰ, সানপাৰা বংশী গোপাল সত্ৰ, বংশী গোপাল পুথিভঁৰাল, সানপাৰা শিৱ মন্দিৰ সমিতি, ঝাৰোবড়ী আঞ্চলিক দুৰ্গা পূজা সমিতি, সন্মিলিত ঝাৰোবড়ী আঞ্চলিক ক্লাৱ,গুৰুকূল সত্ৰীয়া কলা কেন্দ্ৰ,ঝাৰোবড়ী আঞ্চলিক উন্নয়ন সমিতি,দক্ষিণ কামৰূপ ক্ৰীড়াসন্থা,অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা,সুন্দৰম নাট্য মঞ্চ, ঝাৰোবড়ী ফুটবল আভাষ, সন্মিলিত তিনিআলি সংঘ,তিনিআলি আঞ্চলিক সাহিত্য সভা,দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুল,সানপাৰা মজলীয়া বিদ্যালয়,দক্ষিণ কামৰূপ সাহিত্য মঞ্চ,ঝাৰোবড়ী সাহিত্য সভা,শাশ্বত কবি চক্ৰ,হিনদাল প্ৰভূ শিৱ মন্দিৰ,সানপাৰা বাবা শংকৰ শিৱ মন্দিৰ আদি বিভিন্ন দল সংগঠনে তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

লগতে তেওঁৰ মৃত্যুত অঞ্চলটোত এটি শোক সমদল উলিওৱা হয়। উল্লেখ যে, তেওঁ জীৱন বাটৰ সন্ধানত (কবিতা পুথি),অতদ্ৰ প্ৰহৰী (উপন্যাস), সোণদা,সোণটি (উপন্যাস), অনুতাপ (কবিতা পুথি),সানপাৰা গাঁৱৰ ইতিহাস, বিধবা বোৱাৰী (উপন্যাস), মহৎলোকৰ নীতি-বচন, সংঘাতময় জীৱন (উপন্যাস), শ্রীশ্রীহিন্দাল প্রভু শিৱ থান,বন্ধুত্ব (উপন্যাস),শিৱতত্ত্ব আৰু শিৱৰ মাহাত্ম্য,তীর্থ ভ্রমণ আৰু দর্শন, সাক্ষাৎকাৰ (উপন্যাস), মহাপুৰুষ শংকৰদেৱ আৰু গুণমালা, উর্মিলাৰ চকুলো (উপন্যাস) দ্রৌপদীৰ মনোবেদনা (উপন্যাস), শ্রীমন্ত শংকৰদেৱৰ তীৰ্থ ভ্রমণ আৰু দৰ্শন, শ্রীশ্রীমাধৱদেৱ, মোৰ মানসপটত প্রয়াত দেৱযানী কলিতা, সীতা দেৱীৰ মৰ্মবেদনা (উপন্যাস), শ্রীমদ্ভাগৱত গীতাৰ তত্ত্বসাৰ, মহাভাৰতৰ কাহিনী, নীৰৱে চকুলো সৰে (কবিতা পুথি), বৃদ্ধলোকৰ পৰিণাম, কেইজনমান মহৎলোকৰ নীতিবচন বিশ্লেষণ আদিৰে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰে। তেওঁ মৃত্যুৰ সময়ত পুত্ৰ,কন্যা,বোৱাৰী,জোৱাই,নাতি নাতিনীসহ ইষ্ট কুতুম্বক এৰি থৈ যায়। তেওঁ মৃত্যুত সমগ্ৰ দক্ষিণ কামৰূপত শোকৰ ছাঁ পৰে।

সাহিত্যিক