সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান ও CCTAৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰীৰ সংবাদমেল

সংবাদমেলত শেহতীয়াকৈ কাৰ্বি আংলং খেৰণিত হোৱা অবাঞ্চিত অনাকাংক্ষিত হোৱা ঘটনাক তীব্ৰ নিন্দা ও উদ্ধেগ প্ৰকাশ কৰা পৰিলক্ষিত হয়।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান ও CCTAৰমুখ্য সমন্বয়ক আদিত্য খাকলাৰীৰ সংবাদমেল।সংবাদমেলত বহু কেইটা কথা উল্লেখ কৰা হয়। সংবাদমেলত শেহতীয়াকৈ কাৰ্বি আংলং খেৰণিত হোৱা অবাঞ্চিত অনাকাংক্ষিত হোৱা ঘটনাক তীব্ৰ নিন্দা ও উদ্ধেগ প্ৰকাশ কৰা পৰিলক্ষিত হয়। কাৰ্বি আংলংৰ খিলঞ্জীয়া লোকে বিচৰা PGR aru VGR ৰ ভূমি বেদখল মুক্ত বিচৰা দাবীক সমৰ্থন কৰে যদিও CEMৰ ঘৰত অগ্নি সংযোগ কৰা ঘটনাক সমৰ্থন নকৰে।

চৰকাৰ আৰু  প্ৰশাসনে ২২ডিচেম্বৰৰ পূৰ্বেই  আমৰণ অনশনত বহা লোকসকলৰ সৈতে আলোচনা মিলিত নোহোৱা ঘটনাকো সমৰ্থন নকৰে।কাৰ্বি আংলংৰ চৰকাৰী ভূমি খালি কৰিবলৈ দাবী উত্থাপন কৰা দল সংগঠনৰ সৈতে চৰকাৰে বহি আলোচনা কৰি বিষয়টো মীমাংসা কৰিবলৈ আহ্বান। ইপিনে কাৰ্বি ভূমিত বহিৰাগত বনিয়াই  গৈ কাৰ্বি ভূমিত থাকি গৌ-বেক ধ্বনি দিব এয়া অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা এয়া কেতিয়াও মানি লব নোৱাৰি আমি কাৰ্বি ৰাইজৰ সৈতে আছোঁ আৰু আগন্তক প্ৰতিটো কাৰ্যত পূৰ্ণ সমৰ্থন আগবঢ়াই যোৱাৰ লগতে সক্ৰিয় বাবে অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

সামাজিক মাধ্যমত যি সকল লোকে কাৰ্বি আংলংৰ লোকসকল চাইনিচ বুলি কৈছে গৌ-বেক বুলি কৈছে তেওঁলোকক বিচাৰি উলিয়াই চৰকাৰ প্ৰশাসনে বিহীত ব্যৱস্থা লবলৈ আহ্বান।কাৰ্বি আংলংৰ এই ঘটনাক কোনেও যাতে ৰাজনীতিকৰণ নকৰে তাৰ বাবেও জনাই সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান ও CCTAৰমুখ্য সমন্বয়ক আদিত্য খাকলাৰীয়ে।

ৰূপহীহাট