/asomiyapratidin/media/media_files/2025/12/27/1-2025-12-27-18-54-27.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱত এগৰাকী দম্পতিৰ ১৮ মহীয়া দেৱ শিশুৱে গঢ়িলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ খিতাপ। চুহাইল আনোৱাৰ চৌধুৰীৰ আৰু ৰৌজানা মমতাজৰ ১৮ মহীয়া শিশুটিয়ে ইণ্ডিয়া বুক অফ ৰেকৰ্ডেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ১৮ মহীয়া আয়াজ অজিলে পাঁচ মিনিটত ৪৫ খন দেশৰ নাম ২৭ খন বাহন,২৪ টা প্ৰাণীৰ নাম,২৩ টা ঘৰুৱা সামগ্ৰী,১৪ টা ৰাষ্ট্ৰীয় চিহ্ন,৮ টা গ্ৰহ,২৫ টা সাধাৰণ জ্ঞান ইংৰাজী বৰ্ণমালা আৰু ১ পৰা ৫০ লৈকে কৈ পাঁচ মিনিটত কবলৈ সক্ষম হোৱাত অর্জন কৰিলে এই খিতাপ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2025-12-27-18-52-27.jpeg)
উল্লেখ্য যে, ১৮মহীয়া আয়াজ আজিলে ১৫ মাহ বয়সতে অসম বুক অফ ৰেকৰ্ড,young achiever olympaid, super kid awardৰ লগতে আৰু কেইবাটাও বঁটা লাভ কৰে। ৰূপহীহাটৰ কাঠপাৰাৰ গাঁৱৰ চুহাইল আনোৱাৰ চৌধুৰীৰ আৰু ৰৌজানা মমতাজৰ ঘৰ যদিও কৰ্মসূত্ৰে থাকে নগাঁৱৰ ডিমুৰুগুৰিত। ইপিনে পিতৃ -মাতৃয়ে চৰকাৰী কৰ্মচাৰী যদিও ব্যস্ততাৰ মাজতেই খেল ধেমালিৰ মাজতেই দিলে শিক্ষা আৰু থুনুক থানুক মাতেৰেই ইতিমধ্যে গঢ়িলে কেইটাও খিতাপ লাভ কৰিলে বঁটাও বৰ্তমান ১৯মহীয়া দেৱ শিশুৰ এই বিস্ময়ক প্ৰতিভাত গৌৰৱান্বিত পিতৃ মাতৃ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2025-12-27-18-52-50.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us