ফাগুন মানেই যেন ধুলিয়ৰি বাট আৰু ৰঙা শিমলু ফুলাৰ বতৰ

উতনুৱা ফাগুনত পলাশৰ ৰঙেৰে ৰাঙলী ডেকা গাভৰুৰ মন । ফাগুনৰ পছোৱাত বৈছে প্ৰেমৰ স্ৰোত । সৰাপাতৰ চিঠিখনে যেন বিলাইছে প্ৰেমৰ বতৰা ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সৰাপাতৰ চিঠি বিলাই ধূলিয়ৰি বাটেৰে আহিল ফাগুন । এই ফাগুনৰ আছে এটা সুকীয়া সৌন্দৰ্য । সেইবাবে চাগে ফাগুনৰ প্ৰশস্তি বন্দনা কৰাত কবি গীতিকাৰসকল ব্যস্ত হয়। ঋতু পৰিৱৰ্তনৰ নিয়ম মানি ধূলিয়ৰি বাটেৰে আহিল ফাগুন । ফাগুন মানেই যেন আকাশে-বতাহে সৰাপাতৰ মৃদু গুঞ্জন। পলাশ- শিমলুৰ প্ৰাণ চঞ্চলা নাচোন । ইফালে ফাগুন আহিলে যদিও পাই হেৰুওৱাৰ বেদনাত মন উৰি গুচি যায় তৎসত্বেও ফাগুনেইতো আশাৰ ৰং চতিয়াই । কবি-সাহিত্যিকৰ কাপেৰে নিগৰিত হয় ন ন সৃষ্টি। 

উতনুৱা ফাগুনত পলাশৰ ৰঙেৰে ৰাঙলী ডেকা গাভৰুৰ মন । ফাগুনৰ পছোৱাত বৈছে প্ৰেমৰ স্ৰোত । সৰাপাতৰ চিঠিখনে যেন বিলাইছে প্ৰেমৰ বতৰা । মন আকাশত উৰিছে প্ৰেমৰ নানাৰঙী চিলা । শ্বাশ্বত প্ৰেমৰ উম লৈ ফাগুনে খুলিছে শীতৰ আৱৰণ । ফাগুনৰ বতাহত বিয়পি পৰিছে প্ৰেমৰ বতৰা । নিস্তেজ ধৰাত ফাগুনী পছোৱাই বিলাইছে প্ৰেমৰ বতৰা । ধুলিয়ে সেউজত আবিৰ সানে । মদৰুৱা পাতবোৰ সৰিবলৈ লয় । ফাগুনৰ পছোৱাৰ পৰশত কুঁহিপাতক বাট এৰিছে মদৰুৱা পাতবোৰে । 

ফাগুন অহাৰ সময়তে শিমলুক কেন্দ্ৰ কৰিয়েই লাওঁখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আয়োজন কৰা হ'ল শিমলু উৎসৱ। শিমলু ফুলৰ ৰঙা পৰিৱেশে এক অনন্য মাত্ৰা প্ৰদান কৰিছে পুনৰুজ্জীৱিত হোৱা অভয়াৰণ্য দুখনক। এসময়ত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত আছিল লাওঁখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য। পিছে অভয়াৰণ্য দুখনলৈ প্ৰকৃতিয়ে দিয়া নান্দনিক সৌন্দৰ্যৰ সুযোগ লৈ অভয়াৰণ্য কৰ্তৃপক্ষয়ো পৰ্যটকক আকৰ্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। 

এইবেলি তৃতীয় বাৰৰ বাবে লাওখোৱা অভয়াৰণ্যত উদযাপন কৰিছে ব্যতিক্ৰমী উৎসৱ শিমলু উৎসৱ। এই শিমলু উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় চাইক্লিং আৰু মাৰাথন দৌৰ প্ৰতিযোগিতা। দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে শনিবাৰে লাওখোৱা অভয়াৰণ্যত আৰম্ভ হোৱা শিমলু উৎসৱৰ মাজেৰেই পৰ্যটকক আকৰ্ষণৰ চেষ্টা কৰিছে নগাঁও বন্যপ্ৰাণী সংমণ্ডল তথা লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্য কৰ্তৃপক্ষই।

লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্য