দুৰ্গা পূজা চলি থকাৰ মাজতেই চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাত অঘটন

চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাত অঘটন। দিন দুপৰতে ৰুণীখাতা ভিচিডিচি কাৰ্য্যালয়ৰ তলা ভাঙি প্ৰৱেশ কৰি জ্বলাই দিলে গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু লুটি লৈ গল মাইক ছেট।

author-image
Asomiya Pratidin
New Update
RUNIKHATA 30

ডিজিটেল সংবাদ চিৰাং: দুৰ্গা পূজা চলি থকাৰ মাজতেই চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাত অঘটন। দিন দুপৰতে ৰুণীখাতা ভিচিডিচি কাৰ্য্যালয়ৰ তলা ভাঙি প্ৰৱেশ কৰি জ্বলাই দিলে গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু লুটি লৈ গল মাইক ছেট।

অভিযোগৰ অনুসৰি ৰুণীখাতা ভিচিডিচিৰ প্ৰাক্তন সভাপতি নীৰৱ নাৰ্জাৰী আৰু উপ সভাপতি নিৰ্মল মুৰ্মুৰ নেতৃত্বত ১৭ জনীয়া এটা দলে দিনৰ ১১ বজাত ভিচিডিচি কাৰ্য্যালয়ৰ তলা ভাঙি প্ৰৱেশ কৰি কম্পিউটাৰ কোঠালীৰ তলা ভঙাৰ চেষ্টা কৰে যদিও সফল হ’ব নোৱাৰি কাৰ্য্যালয়ৰ নথি-পত্ৰ জ্বলাই দিয়ে। 

স্থানীয় লোকৰ অভিযোগ এই সমগ্ৰ ঘটনাৰ আৰঁত আছে ভিচিডিচিত সংঘটিত হোৱা দুৰ্নীতি। যোৱা পাঁচ বছৰে চলোৱা দুৰ্নীতিৰ তথ্য লুকাবলৈ প্ৰাক্তন ভিচিডিচিৰ সভাপতি, উপ-সভাপতি আৰু সদস্য সকলে এই দুষ্কাৰ্য সংঘটিত কৰিছে। 

ঘটনা সন্দৰ্ভত ৰুণীখাতা ভিচিডিচিৰ সম্পাদকে ৰুণীখাতা থানাত এজাহাৰ দাখিল কৰিছে।

ৰুণীখাতা চিৰাং