চামগুৰিত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতাৰ দৌৰ

আজি ৰাষ্ট্ৰীয় একতা দিৱস। লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে দেশৰ সৰ্বপ্রান্তে অনুষ্ঠিত হৈছে একতাৰ দৌৰ।

author-image
Asomiya Pratidin
New Update
FDFDFDFDFDGRYTY6TY

ডিজিটেল সংবাদ, চামগুৰিঃ আজি ৰাষ্ট্ৰীয় একতা দিৱস। লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে দেশৰ সৰ্বপ্রান্তে অনুষ্ঠিত হৈছে একতাৰ দৌৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চামগুৰিতো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় একতা দিৱস আৰু এই দিৱস উপলক্ষে অনুষ্ঠিত হয় একতাৰ দৌৰ।

TRT5RTRTRTR

চামগুৰি আৰক্ষীৰ উদ্যোগত চামগুৰি থানাৰ পৰা  সোণাৰিবালি লৈকে চামগুৰি আৰক্ষী সকলে প্ৰায় ১০কি.মি. দৌৰে । সকলোৱে একতা তথা একগোট হৈ মিলি থকাৰ বাৰ্তা বিয়পোৱাৰ বাবে এই একতাৰ দৌৰ অনুষ্ঠিত হয়। চামগুৰি আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত একতাৰ দৌৰত উপস্থিত থাকে চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বলোৰাম তেৰং, গাঁওৰক্ষী বাহিনী,জ্যেষ্ঠ নাগৰিক সকলৰ সৈতে স্থানীয় প্ৰায় শতাধিক লোক।

চৰ্দাৰ বল্লভভাই পেটেল