/asomiyapratidin/media/media_files/2025/11/17/247-2025-11-17-10-09-32.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে ঘোষণা কৰা হৈছিল বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। বিৰোধীক বিধ্বস্ত কৰি দুই শতাধিক আসন লাভেৰে পুনৰ বিহাৰত শাসনগাডীলৈ উভতি আহিছে এন ডি এ দল।
নিৰ্বাচনৰ ফলাফলৰ পিছত এতিয়া বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। সেই অনুসৰি সোমবাৰে বিহাৰৰ বিদায়ী মন্ত্ৰীসভাৰ চূড়ান্ত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান কৰা হ’ব। কেবিনেট সচিবালয় বিভাগে এক অধিসূচনা যোগে আজি মন্ত্ৰী পৰিষদৰ বৈঠকৰ তথ্য প্ৰকাশ কৰিছে।
জেডিইউৰ এগৰাকী জ্যেষ্ঠ নেতাই উল্লেখ কৰা মতে এই বৈঠকত বিদায়ী বিধানসভা ভংগ কৰি নীতিশ কুমাৰক ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ কৰ্তৃত্ব প্ৰদানৰ বাবে প্ৰস্তাৱ গৃহীত কৰা হ’ব। ইতিমধ্যে বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে ৰাজ্যপাল আৰিফ মহম্মদ খানক সাক্ষাৎ কৰি বিধানসভা নিৰ্বাচনত নিৰ্বাচিত সদস্যৰ তালিকা প্ৰদান কৰিছে।
প্ৰণিধানযোগ্য যে, নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নেশ্যনেল ডেম’ক্ৰেটিক এলায়েঞ্চ, চমুকৈ এন ডি এৰ ২৪৩ জনীয়া বিধানসভাত ২০২ খন আসনেই লাভ কৰিবলৈ সক্ষম হয়। বিজেপিয়ে সৰ্বাধিক ৮৯খন আসন লাভ কৰাৰ পিছতে নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে ৮৫খন আসন লাভ কৰিছিল।
ইফালে এন ডি এ সহযোগী দল চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)-এ ১৯খন, হিন্দুস্তানী আৱাম মৰ্চা চেকুলাৰে ৫খন আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাই ৪খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। এইদৰে বিৰোধীৰ মহাগোট বন্ধনক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি এন ডি এই সৰ্বমুঠ ২০২ খন আসনতে বিজয়ৰ হাঁহি মাৰে।
ইফালে ৰাজ্যত নতুন চৰকাৰ গঠন সন্দৰ্ভত দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় জেডিইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝা। বৈঠকৰ পিছতে বিহাৰলৈ উভতি অহা জেডিইউ নেতাগৰাকীয়ে দলৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে। সূত্ৰ অনুসৰি ১৯ বা ২০ নৱেম্বৰত বিহাৰৰ নতুন চৰকাৰে শপত ল’ব পাৰে।
বিহাৰৰ নতুন মন্ত্ৰীসভাত পূৰ্বৰ তুলনাত অধিক প্ৰতিনিধিত্বৰ আশা কৰা বুলিও জেডিইউ নেতাগৰাকীয়ে উল্লেখ কৰে। সূত্ৰ মতে ইতিমধ্যে নতুন চৰকাৰৰ মন্ত্ৰীসভা প্ৰায় চূড়ান্ত হৈছে।
সেই অনুসৰি নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰা বিজেপিৰ পৰা ১৫-১৬জন বিধায়কে মন্ত্ৰীসভাত স্থান পাব পাৰে। আনহাতে জেডিইউৰ ১৪জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
ইফালে চিৰাগ পাছৱানৰ এলজেপিৰ পৰা তিনিজন আৰু হিন্দুস্তানী আৱাম মৰ্চা চেকুলাৰ তথা ৰাষ্ট্ৰীয় লোক মৰ্চা দলৰ এজনকৈ সদস্যই মন্ত্ৰীসভাত স্থান পাব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us