/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/obx0it19/DDDDDDDDDD.jpg)
ডিজিটেল সংবাদ , নগাঁও: নগাঁও চহৰৰ আমোলাপট্টি এম বি ৰোড নিবাসী কবি ৰুলা ভূঞাৰ(৫১) আজি আকস্মিক বিয়োগ ঘটে। কালি পুৱাৰ ভাগত উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰা ভূঞাক নগাঁও আদিত্য হস্পিটেলত ভৰ্তি কৰে যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ গুৱাহাটী হেল্থ চিটি হস্পিটেললৈ লৈ যায়। তাত চিকিৎসা চলি থকাৰ সময়তে আজি দিনৰ ১২.১৭ বজাত ভূঞাৰ পৰলোকপ্ৰাপ্তি ঘটে।
ভূঞাৰ আকস্মিক মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বাসগৃহত লোকাৰণ্য হৈ পৰে। অত্যন্ত অমায়িক, ভদ্ৰ মহিলা হিচাপে সমাদৃত কবি ভূঞা সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ এগৰাকী সন্মানীয় সদস্য আছিল। মৃত্যুৰ সময়ত স্বামী বিশিষ্ট শিক্ষাবিদ দিলীপ ভূঞাৰ লগতে একমাত্ৰ পুত্ৰ চায়নুক ইহসংসাৰত এৰি থৈ যায়।
ভূঞাৰ মৃত্যুত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত অধ্যক্ষ দিলীপ বৰা, আনন্দৰাম বৰুৱা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক গোট, কবি কুমাৰ বিভূতি, গিৰীশ দাসকে ধৰি বিভিন্ন ব্যক্তি, সংস্হাই মৃতকৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।