চাকৰিৰ দিয়াৰ নামত আৰএছএছ নেতাৰ প্ৰৱঞ্চনা!

বিজেপিৰ মূল সংগঠন আৰএছএছৰ নেতাৰ বিৰুদ্ধে বৰপেটাত উত্থাপন হৈছে আৰ্থিক প্ৰৱঞ্চনা আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ। জিলাখনৰ আৰএছএছৰ এজন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনা, জালিয়াতি আৰু

New Update
0a0531a6-b431-4867-a302-8d1720e92b51

ডিজিটেল ডেস্কঃ বিজেপিৰ মূল সংগঠন আৰএছএছৰ নেতাৰ বিৰুদ্ধে বৰপেটাত উত্থাপন হৈছে আৰ্থিক প্ৰৱঞ্চনা আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ। জিলাখনৰ আৰএছএছৰ এজন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনা, জালিয়াতি আৰু শাৰীৰিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই।

Advertisment

অভিযুক্ত কৌশিক শৰ্মাই ভাতৃ সুৰেশ শৰ্মাৰ সৈতে গোপন বুজাবুজি কৰি এগৰাকী মহিলাক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দি ৫ লাখ টকা আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰভোগ অঞ্চলত। আৰএছএছ নেতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে খোদ আৰএছএছৰ মহিলা শাখা ৰাষ্ট্ৰ সেৱিকাসমিতিৰ সদস্য গৌৰপ্ৰিয়া নাথে।

তেওঁৰ অভিযোগ অনুসৰি, ২০২৪ চনৰ ডিচেম্বৰ মাহত ব্যক্তিগত আস্থাৰ ভিত্তিত সুৰেশ শৰ্মাক তেওঁ পাঁচ লাখ টকা ধাৰলৈ দিছিল। কিন্তু সুৰেশে বাৰে বাৰে প্ৰতিশ্ৰুতি দিও ওভতাই দিয়া নাছিল তেওঁৰ সেই ধনখিনি। ইয়াৰ বিপৰীতে এটা সময়ত টকাখিনি দিবলৈ অস্বীকাৰে কৰে। কিন্তু গৌৰপ্ৰিয়াই অধিক হেঁচা দিয়াত অৱশেষত এই টকাৰ বিনিময়ত মহিলাগৰাকীক ‘১০০% নিশ্চিত চৰকাৰী চাকৰি’ৰ প্ৰতিশ্ৰুতি দিয়ে অভিযুক্ত সুৰেশ শৰ্মাই।

কিন্তু সময় বাগৰাৰ পিছত চাকৰি দূৰৈৰ কথা, ধাৰলৈ লোৱা টকাখিনিও ওভতাই নিদিলে সুৰেশে। তাৰবিপৰীতে সুৰেশৰ জ্যেষ্ঠ ভাতৃ কৌশিক শৰ্মাই মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলায় আৰু প্ৰমাণ হিচাপে ৰেকৰ্ড কৰা ভিডিঅ’সহ তেওঁৰ ফোনটো কাঢ়ি লৈ যায় বুলি অভিযোগ তোলে গৌৰপ্ৰিয়াই।

আনহাতে, এই ঘটনাৰ পিছৰে পৰা স্থানীয় ৰাইজেও শৰ্মা ভাতৃদ্বয়ৰ ধন-সম্পত্তি হঠাৎ বৃদ্ধি পোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইফালে, এই সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে সৰভোগ থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছিল ভুক্তভোগী পৰিয়ালটোৱে৷ কিন্তু আৰক্ষীয়ে তেওঁলোকৰ অভিযোগ পঞ্জীয়ননকৰি অভিযুক্তক সুৰক্ষা প্ৰদানৰো অভিযোগউত্থাপন হৈছে।

আৰ্থিক প্ৰৱঞ্চনা