কাৰ আশীৰ্বাদত বলিয়ান আৰ এছ গান্ধী এণ্ড কোম্পানী? কাৰ্বি পাহাৰত মুকলিকৈ চলাই আছে অবৈধ শিলৰ কুৱেৰী

নগাওঁ জিলাৰ সীমান্তৰ কাৰ্বি আংলং জিলাৰ পাৰকুপ পাহাৰ ৰেঞ্জৰ পানীমুৰাত চলি সিং ব্ৰাদাৰ্ছে চলাই আছে শিলৰ কুৱেৰীৰ ৰমৰমীয়া অবৈধ ব্যৱসায়। সকলো দেখিও নেদেখে প্ৰশাসনে।

author-image
Tushar Pratim
New Update
কাৰ আশীৰ্বাদত বলিয়ান আৰ এছ  গান্ধী এণ্ড কোম্পানী? কাৰ্বি পাহাৰত মুকলিকৈ চলাই আছে অবৈধ শিলৰ কুৱেৰী

ডিজিটেল ডেস্কঃ ৰাজ্যত প্ৰশাসনৰ নাকৰ তলতেই কিদৰে অবৈধভাৱে আৰু সকলো চৰকাৰী নীতি, নিয়ম উলংঘন কৰি বনজ সম্পদ ধ্বংস কৰাৰ লগতে ইয়াৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে সেয়া সময়ে সময়ে পোহৰলৈ আহিছে। তাৰ পিছতো যেনসকলো দেখিও নেদেখাৰ নিখুঁট অভিনয় কৰাতেই ব্যস্ত বন বিভাগৰ লগতে প্ৰশাসন যন্ত্ৰ।

Advertisment

নগাওঁ জিলাৰ সীমান্তৰ কাৰ্বি আংলং জিলাৰ পাৰকুপ পাহাৰ ৰেঞ্জৰ পানীমুৰাত চলি সিং ব্ৰাদাৰ্ছে চলাই থকা শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়েই ইয়াৰ এক অন্যতম জ্বলন্ত উদাহৰণ। পানীমুৰাত প্ৰাকৃতিক সৌন্দৰ্য, ইয়াৰ পাৰিপাৰ্শ্বিকতাক সম্পূৰ্ণ অৱজ্ঞা কৰি চলাই অহা এই শিলৰ কুৱেৰীয়েই প্ৰমাণ কৰে প্ৰশাসন যন্ত্ৰৰ বৰমূৰীয়া, ৰাজনৈতিক নেতাৰ মিতিৰালিৰে চলাই থকা শিলৰ কুৱেৰীৰ সাম্ৰাজ্যৰ অবৈধ কামকাজ।

মন কৰিবলগীয়া যে গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তনৰ বাবে চৰকাৰে সেউজ প্ৰাকৃতিক পৰিবেশ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰি আহিছে। তেনে সময়তে কাৰ্বি আংলং জিলাৰ পানীমুৰাত পৰিবেশ সুৰক্ষাৰ অনুমতি পত্ৰ অবিহনেই দিল্লীৰ অনিমেষ কাপুৰ আৰু জাগীৰোডৰ আৰ এছ গান্ধীৰ নামত ‘সিং ব্ৰাদাৰ্ছে’ কাৰ্বি পাহাৰ ধ্বংস কৰি অবৈধভাৱে মুকলিকৈয়ে বিশাল শিলৰ কুৱেৰী চলাই আহিছে। 


এই সকলো দিনৰ পোহৰতে সকলোৰে চকুৰ সন্মুখতে চলি আহিছে যদিও ইয়াক উচ্ছেদ কৰিবলৈ কাৰো সাহস হোৱা নাই। সেয়ে প্ৰশ্ন হয় কাৰ আশীৰ্বাদত, কোন ক্ষমতাশালীৰ ক্ষমতাৰ বলত বলীয়ানহৈ অনিমেষ কাপুৰ, আৰ এছ গান্ধীয়ে এইদৰে সেউজ পাহাৰ ধ্বংস কৰাত হাত উজান দিছে? 


প্ৰাপ্ত তথ্য মতে পানীমুৰাত গান্ধীয়ে ২০১৭ চনতে কাৰ্বি আংলং স্বায়ত্বশাসিত জিলা পৰিষদৰ পৰা ৩ লাখ কিউবিক মিটাৰ পাথৰ সংগ্ৰহৰ অনুমতি লাভ কৰিছিল। কিন্তু অদৃশ্য শক্তিৰ আশীৰ্বাদত এতিয়ালৈকে তেওঁ ৮০ লাখ কিউবিক মিটাৰৰো অধিক পাথৰ খান্দি সেউজ পাহাৰ ধ্বংস কৰি মুকলিভাৱে শিল কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে। 


অতি গুৰুত্বপূৰ্ণ দিশটো হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ‌ দিশে থকা এই পাহাৰতে বাৰিষা ৰাষ্ট্ৰীয় উদ্যানৰখনৰ বণ্যপ্ৰাণীয়ে জিৰণি লয়। সেই অঞ্চলতে এতিয়া পাহাৰ ধ্বংস কৰি মুকলিকৈ পাথৰ কুৱেৰী চলাই আছে এই বহিৰাগতই।

মন কৰিবলগীয়া যে ২০২৫ চনৰ ২৩ মে'ত ন্যায়ালয়ে এই কুৱেৰী বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতো আৰ এছ গান্ধীয়ে তিনিটা কুৱেৰী ব্লাটিং কৰি বণ্য হস্তীকে ধৰি অন্যান্য বণ্যপ্ৰাণীক দিশাহাৰা কৰি পৰিবেশ ধ্বংসৰে শিল আহৰণ কৰি আছে বুলি  অভিযোগ কৰিছে স্থানীয় ৰাইজে। ইমানৰ পিছতো অন্ধ, মৌন হৈ আছে বন বিভাগ, অসম প্ৰদুষণ নিয়ন্ত্ৰণ ব'ৰ্ড আদি। 

আন এক গুৰুতৰ অভিযোগ অনুসৰি এই কুৱেৰী থকা ৩০ বিঘা মাটি আছিল কণিকা ৰংহাংপী নামৰ এগৰাকী মহিলাৰ নামত। তেওঁলোকৰ লগত ২০১৭ চনতে শিলৰ কুৱেৰীৰ বিনিময়ত বছৰি তিনি লাখ টকা দিয়াৰ এক চুক্তি স্বাক্ষৰ কৰিছিল আৰ এছ গান্ধীয়ে। 

কিন্তু সেই ম্যাদী পট্টাৰ মাটিখিনি ২০২১ চনত দশৰথ তিচ’ নামৰ এগৰাকী লোকে তেওঁৰ নামত পট্টা কৰি আৰ এছ গান্ধীৰ লগত আন এক চুক্তি কৰে আৰু পাথৰ আহৰণ কৰাত মনোনিবেশ কৰে।

এনে পৰিস্থিতিত আৰ এথ গান্ধীয়ে কিদৰে ৰাজনৈতিক প্ৰভাব খুটুৱাই এই অনিয়ম সংঘটিত কৰিলে আৰু এইদৰে মুকলিকৈ শিল আহৰণ কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে কণিকা ৰংহাংপীৰ স্বামী চন্দন বৰাই। ইফালে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ বন বিভাগেও এই সম্পৰ্কে পূৰ্বে এক নিৰ্দেশনা জাৰি কৰিছিল৷ কিন্তু তাৰ পিছতো প্ৰকৃতিৰ এই মনোমোহা পৰিবেশত ধ্বংস কাৰ্য চলাই আহিছে আৰ এছ গান্ধী এণ্ড কোম্পানীয়ে৷ 

স্মৰ্তব্য যে, এইগৰাকী আৰ এছ গান্ধীৰ ঘৰতে কিছুদিন পূৰ্বে কয়লা আৰু পাথৰৰ বেআইনী ব্যৱসায় চলাই থকাৰ বাবে ইডিয়ে অভিযান চলাইছিল। এইগৰাকী বনদস্যুৱে যি হাৰত সেউজীয়া পাহাৰ ধ্বংস কৰাত নামিছে সেই দৃশ্য দেখিলে প্ৰকৃতিক ভাল পোৱা সকলোৱেই মূৰে কপালে হাত দিব।

পৰিবেশ তন্ত্ৰৰ বিৰুদ্ধে গৈ এইদৰে প্ৰকৃতি বিৰোধী কাৰ্যত লিপ্ত হোৱা আৰ এছ গান্ধীৰ বিৰুদ্ধে কিয় হাত, ভৰি বন্ধ প্ৰশাসন অথবা সংশ্লিষ্ট বিভাগসমূহৰ? এই প্ৰশ্ন এতিয়া স্থানীয় ৰাইজৰ মাজতো উত্থাপন হৈছে। ৰজা ঘৰৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰাৰ বাবেই, ক্ষমতাশালী ৰাজনৈতিক নেতাৰ আশীৰ্বাদৰ বাবেই আৰ এছ গান্ধীক এইদৰে পাহাৰ ধ্বংস কাৰ্যত জপিয়াই পৰিবলৈ সম্পূৰ্ণ কৰ্তৃত্ব দিছে নেকি বুলিও প্ৰশ্ন ৰাইজৰ। এইসকলো প্ৰশ্নৰ উত্তৰ ৰজাঘৰেই দিব লাগিব। প্ৰশ্ন হয় আৰ এছ গান্ধীৰ বিৰু্দ্ধে ব্যৱস্থা গ্ৰহণ কৰি সেই প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ সংশ্লিষ্ট বিভাগ তথা চৰকাৰী পক্ষৰ সাহস হ’বনে?

কাৰ্বি আংলং প্ৰকৃতি ধ্বংস