/asomiyapratidin/media/media_files/2025/09/30/451-2025-09-30-18-58-45.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। সোমবাৰে নিশা গোপন তথ্যৰ ভিত্তিত শিলচৰৰ আইজল বাইপাছত এখন ট্ৰাকত অভিযান চলাই আৰক্ষীয়ে ৩০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে।
মিজোৰামৰ পৰা অহা এখন ট্ৰাকত অভিযান চলাই আৰক্ষীয়ে ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ৩০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ মূল্য প্ৰায় ৯ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।
টেবলেটখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহ কৰা হৈছিল। ইফালে, টেবলেটখিনি জব্দ কৰা হ'লেও কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষীৰ দলটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us