Advertisment

৪৫০০ৰো অধিক অনাথ শিশুলৈ পিএম কেয়াৰছ পুঁজিৰ সহায়ৰ হাত...

মহামাৰীৰ সময়ছোৱাত অনাথ হৈ পৰা ৪৫০০ৰো অধিক শিশুৰ কল্যাণৰ বাবে পিএম কেয়াৰছ পুঁজিৰ পৰা ৩৪৬ কোটি টকা ব্যয় কৰা বুলি শেহতীয়া ২০২২-২৩ বৰ্ষৰ বিবৃতিত প্ৰকাশ পাইছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
df

ডিজিটেল ডেস্কঃ  ক’ভিড মহামাৰী আৰু ইয়াৰ নিৰ্মূলৰ বাবে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মহামাৰীৰ সময়ছোৱাত অনাথ হৈ পৰা ৪৫০০ৰো অধিক শিশুৰ কল্যাণৰ বাবে পিএম কেয়াৰছ পুঁজিৰ পৰা ৩৪৬ কোটি টকা ব্যয় কৰা বুলি শেহতীয়া ২০২২-২৩ বৰ্ষৰ বিবৃতিত প্ৰকাশ পাইছে।

Advertisment

ক’ভিড মহামাৰীৰ ফলত পিতৃ-মাতৃ দুয়োকে হেৰুৱাই পেলোৱা শিশুসকলক সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২১ চনৰ ২৯ মে’ত পিএম কেয়াৰছ ফৰ চিলড্ৰেন আঁচনি আৰম্ভ কৰিছিল।

এই আঁচনিৰ উদ্দেশ্য হৈছে শিশুসকলৰ সৰ্বাংগীন যত্ন আৰু সুৰক্ষা সুনিশ্চিত কৰা। লগতে স্বাস্থ্য বীমাৰ জৰিয়তে তেওঁলোকৰ মংগল কৰা, শিক্ষাৰ জৰিয়তে তেওঁলোকক সবলীকৰণ কৰা আৰু ২৩ বছৰ বয়সত আৰ্থিক সাহায্যৰে স্বাৱলম্বী কৰা।

উল্লেখ্য যে, দেশত এনেধৰণৰ ৪৫০০ৰো অধিক শিশু আছে যিসকলক এই আঁচনিৰ অধীনত চৰকাৰে সহায় কৰি আছে। এই শিশুসকল ভাৰতৰ ৩১খন ৰাজ্যৰ ৫৫৮খন জিলাত বিয়পি আছে। সৰ্বাধিক সন্তান মহাৰাষ্ট্ৰ (৮৫৫), উত্তৰ প্ৰদেশ (৪৬৭), মধ্যপ্ৰদেশ (৪৩৩), তামিলনাডু (৪২৬), আৰু অন্ধ্ৰপ্ৰদেশ (৩৫১)।

পিএম কেয়াৰছ পুঁজি