বিগত ১০ বছৰত জন ঔষধি কেন্দ্ৰৰ জৰিয়তে ৩০ হাজাৰ কোটি টকা সঞ্চয়...

প্ৰধানমন্ত্ৰী জন ঔষধি পৰিযোজনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ১৫ হাজাৰ ৫৭টা জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে। ইয়াৰ দ্বাৰা বিগত ১০ বছৰত ৩০ হাজাৰ কোটি টকা সঞ্চয় হৈছে ৰাজভঁৰালত।

author-image
Asomiya Pratidin
New Update
সমগ্ৰ দেশত ১৫,০০০ৰো অধিক কেন্দ্ৰ মুকলি

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী জন ঔষধি পৰিযোজনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ১৫ হাজাৰ ৫৭টা জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে। ইয়াৰ দ্বাৰা বিগত ১০ বছৰত ৩০ হাজাৰ কোটি টকা সঞ্চয় হৈছে ৰাজভঁৰালত। তাৰোপৰি এই আঁচনিৰ অধীনত ২০২৫ৰ মাৰ্চৰ ভিতৰত আৰু ১৫ হাজাৰ জন ঔষধি কেন্দ্ৰ স্থাপনৰ প্ৰকল্প গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।– এই তথ্য সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই।

Advertisment

উল্লেখযোগ্য যে, শুকুৰবাৰে সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জন ঔষধি কেন্দ্ৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। এই সন্দৰ্ভত তেওঁ কয় যে, চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈকে সমগ্ৰ দেশতে মুঠ ১৫,০৫৭ জন ঔষধি কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে। 

চৰকাৰে ৩১ মাৰ্চ ২০২৫ৰ ভিতৰত সমগ্ৰ দেশতে ১৫,০০০ জন ঔষধি কেন্দ্ৰ মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। আপোনালোকে জানি ভাল পাব যে, ২০২৫ চনৰ জানুৱাৰী মাহতে এই লক্ষ্যত উপনীত হৈছিল চৰকাৰ।  চৰকাৰে এতিয়া ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত এই কেন্দ্ৰ ২০ হাজাৰলৈ আৰু ২০২৭ চনৰ মাৰ্চৰ ভিতৰত ২৫ হাজাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ইয়াতে ৩০০টা অস্ত্ৰোপচাৰ সামগ্ৰী সন্নিবিষ্ট কৰা হৈছে। য’ত হৃদযন্ত্ৰ, ডায়েবেটিছ, এন্টি-ইনফেকটিভ, অংক’লজী, আৰু গেষ্ট্ৰাইটিছ কেয়াৰ আদি অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীসমূহ সামৰি লোৱা হৈছে।

narendra modi j p nadda