লামডিং জংচনত আৰ পি এফ আৰু জি আৰ পিৰ অভিযান : ৩০ লক্ষাধিক টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ

প্ৰায় এদিন, দুদিনৰ মূৰে মূৰে আৰ পি এফ অথবা জি আৰ পি দলে যাত্ৰীবাহী ৰে'লৰ পৰা জব্দ কৰি আহিছে ড্ৰাগছকে ধৰি বিভিন্ন চোৰাং সামগ্ৰী।

author-image
Asomiya Pratidin
New Update
401

ডিজিটেল সংবাদ, লামডিং : ভাৰতীয় ৰে'লক নিচাজাতীয় সামগ্রীৰ ৰমৰমীয়া ব্যৱসায় তথা প্ৰচাৰ কৰাৰ বাবে সুবিধাজনক মাধ্যম হিচাপে বাছি লৈছে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে । প্ৰায় এদিন, দুদিনৰ মূৰে মূৰে আৰ পি এফ অথবা জি আৰ পি দলে যাত্ৰীবাহী ৰে'লৰ পৰা জব্দ কৰি আহিছে ড্ৰাগছকে ধৰি বিভিন্ন চোৰাং সামগ্ৰী।

তাৰে পৰিপ্ৰেক্ষিত পুনৰ আজি  লামডিং ৰে'ল জংচনত আৰ পি এফ দলে সন্ধিয়া ৰজধানী এক্সপ্রেছত অভিযান চলায় । অভিযানত ৰে'লখনৰ এ-৪ ডবাৰ পৰা এঘাৰটা  চাবোনৰ বাকচত হিৰোইনসহ এটি ট্রলি বেগ জব্দ কৰে ।

আনফালে ৰে'ল আৰক্ষীয়ে একে সময়তে ৰে'লত (GRP) অভিযান চলায় পবন কর্মকাৰ নামৰ এজন যুবকক হিৰোইনসহ হাতে-লোটে আটক কৰে । আজি একেটা দিনটোতে লামডিং জংচনত আৰ পি এফ আৰু  জি আৰ পি দলে পৃথক পৃথক  অভিযান চলাই প্রায় ৩০ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।  

ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ যিমানেই কঠোৰ নহওঁক কিয়, ড্ৰাগছ ব্যৱসায়ীয়ে‌ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ পিছতো ৰাজ্যত মুকলিকৈ ড্ৰাগছ বেহা আৰু ড্ৰাগছ সেৱন অব্যাহত আছে ।

লামডিং লামডিং আৰক্ষী