/asomiyapratidin/media/media_files/2026/02/18/fefdefdfdf-2026-02-18-22-30-39.jpg)
ডিজিটেল ডেস্কঃ কাইলৈৰ পৰা আৰম্ভ হব পবিত্ৰ ৰমজানৰ ৰোজা। কিছু সময় পূৰ্বে দেশজুৰি পবিত্ৰ ৰমজান মাহৰ জোন দেখা পোৱাৰ খবৰ পোৱা গৈছে। বিহাৰ আৰু অসমত সৰ্বপ্ৰথম জোন দৰ্শন হোৱা বুলি বিভিন্ন সূত্ৰে নিশ্চিত কৰাৰ পিছত বৃহস্পতিবাৰ (১৯ ফেব্ৰুৱাৰী)ৰ পৰা প্ৰথম ৰোজা পালন কৰা হ’ব।
ইফালে, পাটনাৰ ফুলৱাৰী শৰীফস্থিত ইমাৰত-ই-শ্বৰীয়াৰ কাজী ৰিজৱান নদভীয়ে সংবাদ মাধ্যমক জনায় যে, বিভিন্ন স্থানৰ পৰা জোন দেখা পোৱাৰ সাক্ষ্য আহিছে আৰু নিয়ম অনুসৰি তাৰ তস্দীক কৰা হৈছে। ইফালে, জয়পুৰত আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ পিছতো স্থানীয় লোকৰ সাক্ষ্যৰ ভিত্তিত জোন দেখা পোৱাৰ খবৰ পোৱা গৈছে। জোন দেখা পোৱাৰ লগে লগে দেশজুৰি মছজিদসমূহত তাৰাৱীহ নামাজৰ প্ৰস্তুতি আৰম্ভ হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/18/whatsapp-image-2026-02-2026-02-18-22-42-02.jpeg)
উল্লেখযোগ্য যে,ইছলাম ধৰ্মত জোনৰ ভিত্তিতেই মাহ গণনা কৰা হয়। জোন দেখা যোৱাৰ পিছদিনাৰ পৰা ৰোজা আৰম্ভ হয়। ৰমজান মাহত ৰোজাদাৰসকলে ফজৰৰ আজানৰ পূৰ্বে ‘সেহৰী’ গ্ৰহণ কৰে আৰু সূৰ্যাস্তৰ পিছত ‘ইফতাৰ’ৰ জৰিয়তে ৰোজা ভংগ কৰে। এই মাহত ৫ নামাজৰ লগতে বিশেষ তাৰাৱীহ নামাজ আদায় কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us