পঞ্চম সমাৱৰ্তনলৈ সাজু ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়...

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হবলগীয়া উক্ত অনুষ্ঠানত ২টা সোণৰ পদকৰ লগতে সাহিত্যিক, সাংস্কুতিক, ক্ৰীড়া, সামূহিক আৰু এই বিশেষ দিশসমূহত ৫টা বিশেষ বঁটা প্ৰদান কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   ৩১ অক্টোবৰত পঞ্চম সমাৱৰ্তন অনুষ্ঠানৰ বাবে সাজু হৈছে ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়। কাৰ্যসূচী অনুসৰি সভাৰ সভাপতিত্ব কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

উক্ত সমাৱেশত উপস্থিত থাকিব ড এ কে পানছাৰী, এ কে মোদী, উপাচাৰ্য অধ্যাপক এ কে বুঢ়াঁগোহাই, ৰাজ্যসভাৰ সদস্য ড সুধাংশু ত্ৰিবেদী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, শিক্ষামন্ত্ৰী ৰণোজ পেগু,উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী বিমল বৰাৰ লগতে বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তি। 

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হবলগীয়া উক্ত অনুষ্ঠানত ২টা সোণৰ পদকৰ লগতে সাহিত্যিক, সাংস্কুতিক, ক্ৰীড়া, সামূহিক আৰু এই বিশেষ দিশসমূহত ৫টা বিশেষ বঁটা প্ৰদান কৰা হ'ব।ইয়াৰ উপৰিও চলিত বৰ্ষত মুঠ ১,৯৬৭ জন ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হ'ব ।

ইয়াৰে ১,০৯৩ জন স্নাতক আৰু ৭৭৭ স্নাতকোত্তৰ আৰু সংহত পাঠ্যক্ৰমৰ স্নাতকৰ লগতে ৩২ জন পি এইচ ডি লাভ কৰা ব্যক্তি। উক্ত সমাৱৰ্তনত ৪জন বিশেষ ব্য়ক্তিক সন্মানীয় ডিগ্ৰী পালন কৰা হব। পদ্মভূষণ বঁটা বিজয়ী তথা মেদান্তৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ নৰেশ ত্ৰেহানক ডি.এছ.চি. বঁটা প্ৰদান কৰা হব। 

সমান্তৰালকৈ, আৰ.পি.সঞ্জীৱ গোৱেংকা গোটৰ অধ্যক্ষ সঞ্জীৱ গোৱেংকাক ডাক্তৰ অৱ লেটাৰ্ছ (ডি.লিট.); পদ্মশ্ৰী আৰু সাহিত্য অকাডেমী বঁটা বিজয়ী য়েছে দৰ্জী থংচিক ডি.লিট. বঁটা লগতে বিশিষ্ট অধিবক্তা তথা আগৰৱালা ল’ এছ’চিয়েটছৰ পৰিচালন অংশীদাৰ মহেশ আগৰৱালাক এল.এল.ডি. বঁটা প্ৰদান কৰা হব।

উল্লেখযোগ্য় যে,ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ে প্ৰতি বছৰে সমাৱৰ্তনৰ সময়ত উত্তৰ-পূৱৰ এখন ৰাজ্যক উজ্জলাই তোলা অনন্য পৰম্পৰা অণুসৰণ কৰি ইয়াৰ বৈচিত্ৰ্য আৰু তাৎপৰ্য প্ৰদৰ্শন কৰে। ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু উত্তৰ-পূৱ অঞ্চললৈ জনোৱা উল্লেখযোগ্য অৱদানৰ প্ৰতি সন্মান জনাই এইবাৰ সমাৱৰ্তন অনুষ্ঠানৰ মূল বিযয়বস্তু হিচাপে  অৰুণাচলৰ প্ৰদেশক উদযাপন কৰা হ'ব।

অগ্ৰণী শিক্ষাণুষ্ঠান হিচাপে ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত বৰ্তমানেও ১৩ খন দেশৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীকে ধৰি ৮৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰী,৫০০ ৰো অধিক অধ্যাপকৰ লগতে সদস্য আৰু ১৩০টাতকৈও অধিক শৈক্ষিক কাৰ্যসূচী আছে।

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়