/asomiyapratidin/media/media_files/2026/01/27/udghsjds-2026-01-27-17-36-42.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ ভিতৰত অন্যতম সন্মানীয় আৰু প্ৰতিযোগিতামূলক আইন শিক্ষাৰ অনুষ্ঠান ৩৮তম বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ (BCI) ৰাষ্ট্ৰীয় সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় মুট কোর্ট প্ৰতিযোগিতা ২০২৬ এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব। ২৯ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী ২০২৬লৈ এই প্ৰতিযোগিতাৰ আতিথ্য দিব অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে (RGU)। বাৰ কাউন্সিল অৱ ইণ্ডিয়া আৰু বাৰ কাউন্সিল অৱ ইণ্ডিয়া ট্ৰাষ্ট–পাৰ্ল ফাৰ্ষ্টৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ আইন শিক্ষাৰ্থীসকল অংশগ্ৰহণ কৰিব।
এই সন্দৰ্ভত আজি গুৱাহাটীস্থিত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত এক সংবাদমেলত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। এউ সংবাদমেল সম্বোধন কৰে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঁই, ৰয়েল স্কুল অৱ ল’ এণ্ড এডমিনিষ্ট্ৰেচনৰ ডীন অধ্যাপক ভুবন চন্দ্ৰ বৰুৱা, ভিজিটিং ফেকাল্টি অধিবক্তা ৰাখী শিৰৌথিয়া চৌধুৰী, একাডেমিক ৰেজিষ্ট্ৰাৰ ড০ ডি. এন. সিং, আৰু ছাত্ৰ বিষয়ক সহযোগী ডীন অংগিৰা মিমানিয়ে। সংবাদমেলখন পৰিচালনা কৰে বিশ্ববিদ্যালয়ৰ জনসংযোগ বিষয়া ড০ ৰাণী পাঠক দাসে।
সংবাদমেলত ভাষণ প্ৰদান কৰি অধ্যাপক এ. কে. বুঢ়াগোহাঁইয়ে কয় যে, বাৰ কাউন্সিল অৱ ইণ্ডিয়া ৰাষ্ট্ৰীয় মুট কোর্ট প্ৰতিযোগিতা ভাৰতৰ আইন শিক্ষাৰ ক্ষেত্ৰত এক মানদণ্ড হিচাপে গণ্য কৰা হয়। এই প্ৰতিযোগিতাই উদীয়মান আইনজীৱীসকলক আইনী গৱেষণা, ড্ৰাফ্টিং, মৌখিক যুক্তি উপস্থাপন আৰু আদালতীয় আচৰণৰ ক্ষেত্ৰত নিজ দক্ষতা বিকাশৰ এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰে। ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত কৃত্ৰিম আদালত পৰিৱেশত উচ্চস্তৰৰ আইনী যুক্তি আৰু গৱেষণাৰ প্ৰদৰ্শন দেখা যাব বুলি তেওঁ উল্লেখ কৰে।
ইফালে, ডীন অধ্যাপক ভুবন চন্দ্ৰ বৰুৱাই উল্লেখ কৰে যে, এই প্ৰতিযোগিতাৰ মুট কোর্ট ৰাউণ্ডসমূহৰ বিচাৰক হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ, জ্যেষ্ঠ অধিবক্তা, আগশাৰীৰ আইনজীৱী আৰু খ্যাতনামা আইন শিক্ষাবিদসকল উপস্থিত থাকিব। এতিয়ালৈকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৬৫খন দল এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। চূড়ান্ত ৰাউণ্ডত মাননীয় ন্যায়াধীশ কল্যাণ ৰায় সুৰানা, জ্যেষ্ঠ অধিবক্তা দিলীপ মজুমদাৰ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ আইন অধ্যাপক ড০ শৈৱাল সত্যাৰ্থী উপস্থিত থাকিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2026-01-27-17-45-26.jpeg)
আনহাতে, অধিবক্তা ৰাখী শিৰৌথিয়া চৌধুৰীয়ে জানিবলৈ দিয়ে যে, এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান ৩০ জানুৱাৰীত অনুষ্ঠিত হ’ব। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা আইন আয়োগৰ অধ্যক্ষ ন্যায়াধীশ দীনেশ মহেশ্বৰী। লগতে বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ কাৰ্যনিৰ্বাহী সমিতিৰ অধ্যক্ষ তথা জ্যেষ্ঠ অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মায়ো এই অনুষ্ঠানত ভাষণ প্ৰদান কৰিব।
একেদৰে, ৩১ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সমাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মাননীয় উজ্জ্বল ভূঞা। অনুষ্ঠানত বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ মানন কুমাৰ মিশ্ৰায়ো ভাষণ আগবঢ়াব।ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে এই ঐতিহাসিক ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আতিথ্য গ্ৰহণ কৰাৰ জৰিয়তে গুৱাহাটী আইন শিক্ষা আৰু আইনী অভ্যাসৰ ক্ষেত্ৰত দেশৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পথত আগবঢ়িছে বুলি বক্তাসকলে সংবাদমেলত মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us