ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত উন্মোচন ড০ আম্বেদকাৰৰ আৱক্ষ মূৰ্তি

ন্যায়াধীশ আশুতোষ কুমাৰে বিশ্ববিদ্যালয়ৰ চৌহদত গছপুলিও ৰোপণ কৰে ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-24 at 8.11.30 PM

ডিজিটেল ডেস্কঃ  অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে ভাৰতীয় সংবিধানৰ মুখ্য স্থপতি ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে। এই অনুষ্ঠানৰযোগেদি বিশ্ববিদ্যালয়খনে আগন্তুক ২৬ নৱেম্বৰৰ ভাৰতৰ সংবিধান দিৱসৰ উপলক্ষে ড০ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে ন্যায়াধীশ আশুতোষ কুমাৰে বিশ্ববিদ্যালয়ৰ চৌহদত গছপুলিও ৰোপণ কৰে । অনুষ্ঠানত উপস্থিত থাকে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° এ.কে. পানছাৰী, সহআচাৰ্য এ.কে. মোদী, উপাচাৰ্য্য প্ৰফেছৰ একে বুঢ়াগোহাঁই, ৰয়েল স্কুল অৱ ল এণ্ড এডমিনিষ্ট্ৰেচনৰ অধ্যাপক আৰু ডীন ডাঃ বি.চি. বৰুৱা লগতে আইন, সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান আৰু প্ৰশাসন বিভাগৰ ডীন, অধ্যাপক সদস্য তথা  ছাত্ৰ-ছাত্ৰীসকল ।

তাৰোপৰি উন্মোচনৰ পিছতে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে এক বিশেষ অধিৱেশনত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে। আইনী শিক্ষাৰ গুৰুত্বৰ সম্পৰ্কত ভাষণ প্ৰদান কৰি যুৱ শিক্ষাৰ্থীসকলক আইনৰ অধ্যয়নৰ ক্ষেত্ৰত সততা, কৌতুহল আৰু ন্যায়ৰ প্ৰতি দায়বদ্ধ হ'বলৈ উৎসাহিত কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ড° আম্বেদকাৰৰ দৃষ্টিভংগী, বুদ্ধিমত্তা আৰু সমতাৰ বাবে আজীৱন পোষকতাৰ পৰা প্ৰেৰণা ল'বলৈ আহ্বান জনায়।আইনী অধ্যয়নক কেৱল পেছা নহয়, সামাজিক পৰিৱৰ্তনৰ এক শক্তিশালী আহিলা বুলি অভিহিত কৰে।

আনফালে তেওঁ সমসাময়িক সমাজত সাংবিধানিক মূল্যবোধৰ প্ৰাসংগিকতাৰ সম্পৰ্কত আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীসকলক সংবিধানত সন্নিৱিষ্ট নীতিসমূহ ৰক্ষা কৰিবলৈ উৎসাহিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক জাতিলৈ অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাবলৈ প্ৰেৰণা যোগায় । তেওঁ  আৰু কয় - ''আইনৰ অধ্যয়ন হৈছে জীৱন, অধিকাৰ আৰু দায়িত্বৰ অধ্যয়ন''। 

গুৱাহাটী