ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত সেউজ দিৱস পালন...

সেৱা, মমতা, আৰু পৰিৱেশ দায়বদ্ধতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি আজি অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ অশোক কুমাৰ পানছাৰীৰ ৬২ সংখ্যক জন্মদিন

author-image
Asomiya Pratidin
New Update
DDDDDDDDDDDDD

ডিজিটেল সংবাদ, গুৱাহাটীঃ সেৱা, মমতা, আৰু পৰিৱেশ দায়বদ্ধতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি আজি অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ অশোক কুমাৰ পানছাৰীৰ ৬২ সংখ্যক জন্মদিন উপলক্ষে এক অনাৰম্বৰ অনুষ্ঠান পালন কৰা হয়।

এই উপলক্ষে ড° পানছাৰীয়ে বিশ্ববিদ্যালয় চৌহদত ৬২টা গছপুলি ৰোপণ কৰে, যিয়ে তেওঁৰ জীৱনৰ প্ৰতিটো বছৰৰ প্ৰতীক হিচাপে শিক্ষা আৰু সামাজিক উৎকৰ্ষৰ প্ৰতি উৎসৰ্গিত। এই পদক্ষেপৰ লক্ষ্য হৈছে পৰিৱেশ বহনক্ষমতাত অৰিহণা যোগোৱা আৰু ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক প্ৰকৃতিৰ সৈতে আজীৱন সম্পৰ্ক বজাই ৰাখিবলৈ উৎসাহিত কৰা।

ইয়াৰ উপৰিও ড০ পানছাৰীয়ে শাৰীৰিকভাৱে অক্ষম ব্যক্তি আৰু আৰ্তজনৰ সংস্থাসমূহক ৬২খন হুইল চেয়াৰ দান কৰে। প্ৰাপকসকলৰ ভিতৰত আছিল বিশেষ ভাবে সক্ষম ব্যক্তিৰ লগতে চিকিৎসালয় আৰু NGOৰ প্ৰতিনিধি।

আৰ জি ইউৰ উপাচাৰ্য অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঁইয়ে চ্যা আচাৰ্যৰ এই মানৱীয় পদক্ষেপক  প্ৰশংসা কৰি ঘোষণা কৰে যে এই দিৱসটো এতিয়াৰ পৰা প্ৰতি বছৰে ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত “সেউজ দিৱস” হিচাপে পালন কৰা হ’ব।  আৰ জি ইউয়ে প্ৰতি বছৰে পৰিৱেশ সংৰক্ষণ আৰু সমাজ সেৱাক প্ৰসাৰিত কৰা কাৰ্যসূচীৰে এই দিনটো স্মৰণ কৰিব।

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়